বাক্সাৰ চুনবাৰী-বিছপানীত বেঁকী নৈৰ গৰাখহনীয়া পৰিদৰ্শন জগদীশ মুখীৰ

 07/30/2020 - 20:21

 


খাৰিজা বিজনীঃ বাক্সা আৰু বৰপেটা জিলাৰ বিভিন্ন এলেকাত বেঁকী নৈয়ে গৰাখহনীয়াৰ সৃষ্টি কৰি শ শ পৰিয়ালৰ ঘৰ মাটি উচন কৰা এলেকা সমূহ আজি জগদীশ মুখীয়ে পৰিদৰ্শন কৰি ক্ষয় ক্ষতিৰ বুজ লয়। ৰাজ্যপাল গৰাকীয়ে বৰপেটা ৰোড-মানাহ পথেৰে আহি বৰপেটা জিলাৰ চাফাকামাৰ এলেকাত গৰাখহনীয়াৰ সৃষ্টি কৰি বৰপেটা ৰোড-মানাহ পথ বিভিন্ন কৰা স্থান পৰিদৰ্শন কৰাৰ পাছত বাক্সা জিলাৰ চুনবাৰী-বিছপানীত এলেকাত গৰাখহনীয়াৰ সৃষ্টি কৰি শ শ পৰিয়ালৰ ভেটি মাটিৰ লগতে হাজাৰ হাজাৰ বিঘা কৃষি ভূমি নৈৰ বুকুত জাহ যোৱাৰ বুজ লয়। সমগ্র এলেকাটোৰ মছজিদ, বিদ্যালয় আদিৰ লগতে গাঁৱৰ যোগাযোগৰ মূল পথ চোৱাও নৈৰ বুকুত উচন যোৱা পৰিদৰ্শন কৰি ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীয়ে তৎকালীনভাবে নৈৰ গৰাখহনীয়া ৰোধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ প্ৰদান কৰে। ইয়াৰ পাছত ৰাজ্যপাল গৰাকীয়ে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মথনগুৰীত উপস্থিত হৈ বেঁকী নৈয়ে ভাবুকিৰ সৃষ্টি কৰা গৰাখহনীয়াৰ বুজ লয়। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।