চাঞ্চল্যঃ ডবকাৰ এজন চালকক কোনো দুৰ্বৃত্তই দা ৰে ঘপিয়াই হত্যা

 08/05/2020 - 14:41

 

ডবকাঃ ডবকাৰ এজন চালকক আসাম কোৱাৰিত কোনো দুৰ্বৃত্তই দা ৰে ঘপিয়াই হত্যা। ডবকাৰ আশিক উদ্দিন নামৰ চালকজনে নিজ টাটা মৱাইল বাহনেৰে আসাম কোৱাৰিত ভাড়া লৈ গৈছিল। চালকজনে আসাম কোৱাৰি পোৱাৰ এক কিঃমিঃ আগতেই দুৰ্বৃত্তই নিশা ১০ বজাত দা ৰে ঘপিয়াই হত্যা কৰে। কিন্তু চালকজনৰ পৰিয়ালৰ লোকৰ অভিযোগ লংকাৰ ইকবাল আৰু ৰসিদ নামৰ দুজন যুৱকে চালক জনক হত্যা কৰিছে।

কিয়নো কিছুদিনৰ পৰাই চালকজনক বিভিন্ন ধৰনৰ ভাবুকি দি আহিছিল যুৱক দুজনে। সৰু-সৰা কাজিয়াৰ সূত্ৰপাতৰ বাবেই হত্যা কৰাৰ অভিযোগ চালক জনৰ পৰিয়ালৰ। চালক জনৰ পৰিয়ালৰ লোকে জানিব দিয়া মতে চালক জনৰ হত্যাৰ খবৰ লংকাৰ ইকবাল নামৰ যুৱক জনে ফোনযোগে পৰিয়ালৰ লোকক অৱগত কৰিছিল। এই ঘটনা সন্দৰ্ভত আসাম কোৱাৰীৰ পৰা আৰক্ষীয়ে লংকাৰ ইকবাল নামৰ যুৱক জনক আটক কৰি চালকজনৰ হত্যাৰ মাৰাধান জেৰা অব্বাহত ৰাখে।লগতে ৰসিদ নামৰ যুৱকজন ঘটনাস্থলীৰ পৰা পলায়ন কৰে বুলি জানিব পৰা গৈছে। অৱশ্যে আৰক্ষীৰ তদন্তত পোহৰলৈ কি আহে সেয়া হব সময়তে লক্ষ্যণীয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।