বাৰ কাউন্সিল, অসম, নাগালেণ্ড, মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ সিদ্ধান্ত আৰু সদৌ অসম উকীল সন্থাৰ উদ্যোগত বৰপেটাত অৱস্থান ধৰ্মঘট

 08/13/2020 - 18:58

 


বৰপেটাঃ সমগ্ৰ বিশ্ব তথা ভাৰতবৰ্ষৰ লগতে অসমো ভয়াবহ কৰণা মহামাৰীৰ সতে যুঁজ অব্যাহত ৰাখিছে। এই যুঁজৰ ফলত একপ্ৰকাৰ ন্যায়িক ব্যৱস্থাৰ লগত জড়িত অধিবক্তাসকল ভীষণ ক্ষতিগ্ৰস্ত হোৱা পৰিলক্ষিত হৈছে। কৰণা মহামাৰীৰ সুবাদতে আদালতৰ কাম কাজ একপ্ৰকাৰ স্তব্দ হৈ পৰিছে। যাৰ ফলত ন্যায় প্ৰাপ্তিৰ আশাত অহা লোকসকলে ন্যায়ৰ পৰা বঞ্চিত হৈ বিষণ্ণ মনেৰে উভতি যাবলগীয়া হৈছে। এই দুৰ্যোগৰ পৰা পৰিত্ৰাণ পাবলৈ বৃহস্পতিবাৰে বৰপেটা জিলা উকীল সন্থাৰ তৰফৰপৰা ১১ বাজি ৩০ মিনিটৰ পৰা ১২ বাজি ৩০ মিনিটলৈ এক ঘণ্টীয়া প্ৰতীকি অৱস্থান ধৰ্মঘট পালন কৰা হয়। নিম্ন উল্লেখিত দাবী সমূহ পুৰণ কৰাৰ স্বাৰ্থত এই অৱস্থান ধৰ্মঘট পালন কৰা হয়। দাবী সমূহ: ১. আদালতৰ নিয়মীয়া কামকাজ প্ৰৱৰ্তন কৰক। ২. আদালতৰ পূৰ্বৰ পৰম্পৰা অটুট ৰাখক।৩. বন্ধ কৰি ৰখা উকীল সন্থাৰ কাৰ্যালয় আৰু লাইব্ৰেৰী অনতিপলমে খুলি দিয়ক। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।