নগাঁৱত 'উদ্ভাৱন-২০১৯' শীৰ্ষক অনুষ্ঠান

 05/12/2019 - 17:53

নগাঁও: অসম বিজ্ঞান সমিতিৰ নগাঁও কলংপাৰ শাখাৰ উদ্যোগত শনিবাৰে নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত 'উদ্ভাৱন-২০১৯' শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত হৈ যায়। ইয়াৰ লগত সংগতি ৰাখি জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত জিলা ভিত্তিক বিজ্ঞানৰ আৰ্হি প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা অনুষ্ঠিত হয়। গুৱাহাটীস্থ বিজ্ঞান আৰু প্ৰযুক্তি বিষয়ৰ স্বেচ্ছাসেৱী অনুষ্ঠান "জিআইএমটি"ৰ মুখ্য পৃষ্ঠপোষকতাত অনুষ্ঠিত এই প্ৰতিযোগিতাৰ মূল বিষয় আছিল-"উদ্ভাৱনৰ বাবে প্ৰযুক্তি প্ৰয়োগ"।

শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতা পৰিচালনা কৰে নগাঁও মহাবিদ্যালয়ৰ অধ্যাপক ড: কৃষ্ণকান্ত মেধি, ড: চিন্তামনি শৰ্মা আৰু ড: বনশ্ৰী শ‌ইকীয়াই। পিছত ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্রী আৰু অভিভাৱকৰ মাজত নিৰ্দিষ্ট বিষয়ৰ ওপৰত এক আলোচনাচক্ৰ অনুষ্ঠিত হয়। বিজ্ঞান সমিতিৰ কলংপাৰ শাখাৰ সাধাৰণ সম্পাদক ড: ভূৱন চন্দ্ৰ চুতীয়াই আঁত ধৰা অনুষ্ঠানত নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড: শৰৎ বৰকটকীয়ে মুখ্য বক্তা হিচাপে আলোচনা আগবঢ়ায়।

এই অনুষ্ঠানত নগাঁও চৰকাৰী বালক বিদ্যালয়ৰ অধ্যক্ষা দিপীকা লস্কৰ, জি আই এম টিৰ নগাঁও জিলা জিলা সমন্বয়ক কিতাঞ্জলী জয়চোৱাল মজুমদাৰ আদিকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আলোচনা চক্ৰৰ শেষত প্ৰতিযোগিতাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা বিজয়ী প্ৰতিযোগীসকলক নগদ ধনেৰে পুৰস্কৃত কৰা হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।