তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটাত এঘণ্টীয়া অৱস্থান ধৰ্মঘট

 09/01/2020 - 14:25


তামুলপুৰঃ নাগৰিকত্ব সংশোধনী আইন আৰু পাৰিবেশিক প্ৰভাৱ নিৰূপণ অধিসূচনা ২০২০ বাতিলৰ দাবীত আজি তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটাত কুমাৰীকাটা আঞ্চলিক ছাত্ৰ সন্থাই এঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। সদৌ বাগসা জিলা ছাত্ৰ সন্থাৰ সভাপতি গোবিন্দ শৰণীয়া, শিক্ষা সম্পাদক দুলুজিৎ দাস আৰু সদৌ তামুলপুৰ মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক কুমুদ ডেকাৰ নেতৃত্বত ৰূপায়ন কৰা এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদকাৰী সকলে কা’ আমি নামানো, কা’ বাতিল কৰিবই লাগিব  ই আই এ বাতিল কৰক, কেন্দ্ৰীয় চৰকাৰ হায় হায়, ৰাজ্য চৰকাৰ হায় হায়, সৰ্বানন্দ সোনোৱাল গ’বেক আদি ধ্বনিৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে। 

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।