বামুণীমৈদামত অপ্ৰীতিকৰ পৰিস্থিতি, এজন আহত

 03/07/2019 - 17:43

গুৱাহাটী: এক পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে মহানগৰীৰ বামুণীমৈদামস্থিত জ্যোতিনগৰত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। এই ঘটনাত বাবুল আলী নামৰ লোকজন আহত হয়। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, বৃহস্পতিবাৰে ৰাতিপুৱা ৮.৩০ বজাত জ্যোতিনগৰ তিনিআলিত জ্যোতিনগৰ হালধি মিলৰ ওচৰত থকা প্ৰদীপ কলিতা নামৰ ব্যক্তিজনৰ পুত্র মেঘাজিৎ কলিতাই এখন চাৰিচকীয়া বাহন চলাই থকা অৱস্থাত ৰাস্তাতে এজন স্কুটি আৰোহীয়ে পিচফালৰপৰা খুন্দা মাৰে।

লগে লগে বাহনৰ পৰা নামি আহি মেঘাজিৎ কলিতাই স্কুটি চালকৰ লগত তৰ্কত লিপ্ত হয়। স্কুটি আৰোহীজন এজন পৰীক্ষাৰ্থী হোৱা বাবে বাবুল আলী নামৰ লোকজনে দুইপক্ষৰ মাজত হোৱা বিবাদক ক্ষান্ত কৰিব বিচাৰিছিল আৰু পৰীক্ষাৰ্থীজনক উক্ত স্থানৰ পৰা যাবলৈ দিছিল। বাবুল আলীৰ এই কাৰ্যত ক্ষুব্ধ হৈ পৰে মেঘাজিৎ কলিতা। যাৰ পৰিপ্ৰেক্ষিতত মেঘাজিৎ কলিতাই পেণ্টৰ পকেটৰ পৰা এখন চুৰি উলিয়াই বাবুল আলী নামৰ লোকজনৰ মুখমণ্ডলত বেয়াকৈ আঘাত কৰে। আঘাতপ্ৰাপ্ত বাবুল আলী লগে লগে অচেতন হৈ পৰে।

অচেতন বাবুল আলীক স্থানীয় লোকৰ তৎপৰতাত পাণবজাৰৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ইফালে মেঘাজিৎ কলিতাই ঘটনাটো সংঘটিত কৰিয়েই উক্ত স্থানৰ পৰা পলায়ন কৰে। ভুক্তভোগী পৰিয়ালে ঘটনা সন্দৰ্ভত চান্দমাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰে আৰু সেই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।