ঠিকাদাৰৰ মইমতালিঃ ৰাইজক আভুৱা ভাৰা কোন এই ঠিকাদাৰ ৰাজু মেচ?

 05/13/2019 - 20:18

পলাশবাৰীঃ সততে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা আওৰোৱা সোণোৱাল চৰকাৰৰ গড়কাপ্তানি বিভাগৰ হেমাহি আৰু ঠিকাদাৰৰ ব্যাপক অনিয়মৰ বাবে এইবাৰ ৰাইজ ওলাই আহিল পলাশবাৰীত। হয় এয়া পলাশবাৰী বিধান সভা সমষ্টিৰ লোহাৰঘাট অঞ্চলৰ বোকদোভাৰ পৰা বাতাবাৰী হৈ ঘাগ্ৰা চোকলৈ যোৱা ৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ গুৰুত্বপূৰ্ণ পথছোৱা।

প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত প্ৰায় ৬ কোটি টকা ব্যয়ৰে আৱণ্টিত হৈছিল এই পথ। পথটোৰ কাম সমাপ্তি এমাহ নহওঁতেই চপৰা-চপৰিকৈ খহি যোৱাৰ উপৰিও মাটিৰ ওপৰতেই পকীকৰণ কৰি কাম সমাপ্তি কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। এই বিষয়ে ঠিকাদাৰ,অভিযন্তা,স্থানীয় গড়কাপ্টানী বিষয়াক ৰাইজে অভিযোগ দিছিল যদিও একো এটা গুৰুত্ব নিদিয়াত অৱশেষত ৰাইজ ওলাই আহিবলৈ বাধ্য হ’ল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।