এনআৰচিত অবৈধ আপত্তিৰ লগতে আপত্তিকাৰীৰ বিৰুদ্ধে জোৰদাৰ অৱস্থান ধৰ্মঘট আমছুৰ

 05/14/2019 - 18:25

বৰপেটাঃ এনআৰচিৰ ভুৱা আপত্তিকাৰীৰ পিতৃ পৰিচয় নাই এতিয়া প্ৰশ্ন হ’ল পিতৃ পৰিচয় নথকা ব্যক্তিক কি বুলি অভিহিত কৰা হয়? সমগ্ৰ অসমতে এনআৰচিত অবৈধ আপত্তিৰ লগতে আপত্তিকাৰীৰ বিৰুদ্ধে জোৰদাৰ অৱস্থান ধৰ্মঘট আমছুৰ।

সদৌ অসম সংখ্যালঘূ ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশত ১৩ মে’ত অসমৰ প্ৰতিখন জিলাৰ লগতে বৰপেটা জিলা আমছুৰ উদ্যোগত বৰপেটা জিলা পুথিভৰাল চৌহদৰ সন্মুখত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ এনআৰচিত বৈধ আপত্তিক প্ৰাধান্য দি অবৈধ আপত্তি আৰু আপত্তিকাৰীৰ বিৰুদ্ধে এনআৰচি কৰ্তৃপক্ষৰ লগতে অসম চৰকাৰক আইনসন্মত ভাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীৰ লগতে উপায়ুক্ত মহোদয়ক স্মাৰকপত্ৰ প্ৰদান কৰে।

 অনাগত দিনত অসম আৰু অসমীয়াৰ অস্বিত্ব ৰক্ষাৰ স্বাৰ্থত আমছু সদায় আগবাঢ়ি আহিব বুলি কয় ধৰ্মঘাটকাৰীসকলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।