হোজাইত বৃদ্ধি পাইছে নাৰী নিৰ্যাতনৰ ঘটনা

 09/26/2020 - 16:49

 

হোজাইঃ হোজাইৰ উত্তৰ ডিমৰুপাৰত পুনৰ সংঘটিত হৈছে ধৰ্ষণকাণ্ড৷ গাঁওখনৰ এগৰাকী ১৪ বছৰীয়া নাবালিকাক বলপূৰ্বক উঠাই নি অসৎ কাৰ্য চৰিতাৰ্থ কৰে একে গাঁৱৰে আহাজ উদ্দিন নামৰ লম্পটজনে৷ জুম্মাৰ নামাজৰ সময়ত বাটৰ পৰা বলপূৰ্বক টানি নি নিজ গৃহত এই ঘটনা সংঘটিত কৰে লম্পটজনে৷

চিঞৰ-বাখৰ শুনি স্থানীয় ৰাইজে উদ্ধাৰ কৰে নাবালিকাগৰাকীক৷ নিশা এক বজাত মোৰাঝাৰ থানাৰ আৰক্ষী বিষয়া কবিৰ সিং লিম্বুৱে আটক কৰে লম্পট আহাজ উদ্দিনক৷ আৰক্ষীয়ে ভুক্তভোগী নাবালিকাগৰাকীক উদ্ধাৰ কৰি স্বাস্থ্য পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে৷ সংকটজনক অবস্থাত আছে নাবালিকাগৰাকী৷ স্থানীয় ৰাইজে লম্পটটোক উচিত শাস্তি দিয়াৰ দাবী জনাইছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।