বৰপেটাৰ এটা পথে জ্বলাকলা খুৱাইছে ৰাইজক

 05/15/2019 - 11:58

বৰপেটা: এটা পথে জ্বলাকলা খুৱাইছে বৰপেটা জিলাৰ চেঙাবাসী ৰাইজক৷ এজাক বৰষুণতে পথটো হৈ পৰে পুখুৰী সদৃশ৷ স্হানীয় ৰাইজে বিভিন্ন সময়ত অভিযোগ কৰাৰ পিছতো পথটো মেৰামতিৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই৷ যাৰবাবে স্কুল কলেজৰ লৰা ছোৱালী তথা স্হানীয় ৰাইজৰ লগতে ৰোগীসকলেও যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে৷

স্হানীয় ৰাইজে চৰকাৰক অতি সোনকালে পথটো মেৰামতিৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী জনাইছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।