কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তৰ নৱ গঠিত ৰাজনৈতিক দললৈ শুভেচ্ছা

 10/04/2020 - 18:01

 

বিহালীঃ আজি বিহালী সমষ্টিৰ বৰগাংত ভাৰতীয় জনতা পাৰ্টীৰ বিহালী আৰু বাঘমৰা মণ্ডলৰ যুটীয়া উদ্যোগত কাৰ্য্যকৰ্তা সন্মিলন আৰু যোগদান কাৰ্য্যসূচী অনুষ্ঠিত হয়৷ সভাত বিহালী বিধান সভা সমষ্টিৰ প্ৰায় পাঁচ শতাধিক যুৱকে বিহালী বিজেপি দলত যোগাদান কৰে৷ সভাতখনত অংশগ্ৰহণ কৰি কয় যে বিজেপি চৰকাৰে খিলঞ্জীয়া জনতাৰ হকে কাম কৰি যাব৷ অচিৰেই ৰাজ্যৰ ৫৫ হাজাৰ খিলঞ্জীয়া লোকক মাটি পট্টা প্ৰদান কৰাৰ লগতে চাহ জনজাতি লোকক মাটিৰ অধিকাৰ পৰ্যন্ত কৰিব৷ লগতে ব্হালীৰ বৰগাংত অসম প্ৰদেশ কংগ্ৰেছ দলৰ প্ৰতিষ্ঠাক সভাপতি ছবিলাল উপাধ্যায় আৰু বিহালীৰ প্ৰৱীন মুক্তিযুুদ্ধা বগীৰাম শইকীয়াৰ প্ৰতিমূৰ্তি প্ৰতিষ্ঠা কৰাৰ সিদ্ধান্ত ঘোষণা কৰে৷

সিফালে, কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তই সংবাদ মাধ্যমৰ আগত উত্তৰ প্ৰদেশৰ হাথৰচৰ মণিষা বাল্মিকীৰ ধৰ্ষণকাণ্ডক গৰিহণা দিয়ে৷ কেবিনেট ৰঞ্জিত দত্ত মন্ত্ৰী দত্তই কয় যে, ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সুবিচাৰ হ'ব আৰু ইতিমধ্যে তদন্ত চলি আছে। আনহাতে, ৰাজ্য জোঁকাৰি যোৱা SI কেলেংকাৰী সন্দৰ্ভত মুখ খুলি মন্ত্ৰী ৰঞ্জিৎ দত্তই কয় যে, SI নিযুক্তিত কেলেংকাৰী সংঘটিত হৈ ভাল হৈছে, কাৰণ পৰৱৰ্তী সময়ত এই SI পৰীক্ষা নিকা আৰু স্বচ্ছভাৱে নিযুক্তি প্ৰক্ৰিয়া চলিব বুলি প্ৰতিশ্ৰুতি দিয়ে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।