৭০.২০ উত্তীৰ্ণৰ হাৰৰ সৈতে ৰাজ্যৰ ভিতৰতে দ্বিতীয় স্থান শিৱসাগৰ জিলাৰ

 05/15/2019 - 13:09

শিৱসাগৰঃ আজি ঘোষিত হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল৷ ৭০.২০ উত্তীৰ্ণৰ হাৰৰ সৈতে ৰাজ্যৰ ভিতৰতে দ্বিতীয় স্থান শিৱসাগৰ জিলাৰ৷উল্লেখ্য যে আজিৰ উত্তীৰ্ণৰ হাৰেৰে অষ্টমৰ পৰা দ্বিতীয় স্থানলৈ উন্নীত হ’ল শিৱসাগৰ জিলা৷ শিৱসাগৰলৈ গৌৰৱ কঢ়িয়াই আনিলে দেৱাশ্ৰী শইকীয়া আৰু অৰ্চিতা দুৱৰাই।

আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত গৌৰিসাগৰ শঙ্কৰ দেৱ বিদ্যামন্দিৰৰ পৰা অষ্টম স্থান লাভ কৰে দেৱাশ্ৰী শইকীয়াই।দেৱাশ্ৰীয়ে লাভ কৰিছে সৰ্বমুঠ ৫৮৬ নম্বৰ।যাদৱ চন্দ্ৰ শইকীয়া অৰু অৱন্তী বৰা শইকীয়াৰ কন্যা দেৱাশ্ৰী । ভৱিষ্যতে চিকিৎসক হোৱাৰ আশা মেধাৱী দেৱাশ্ৰীৰ।

আনহাতে এই পৰীক্ষাৰ ফলাফলত নৱম স্থান লাভ কৰিছে জিলা খনৰ মৰাণহাটৰ চেণ্ট যোচেফ হাইস্কুলৰ অৰ্চিতা দুৱৰাই।অৰ্চিতাই লাভ কৰিছে ৫৮৫ নম্বৰ। সামগ্রীক ভাবে শিৱসাগৰ জিলাৰ ফলাফল সন্তোষজনক। জিলাখনৰ পৰা ১২৬১৬ গৰাকী ছাত্ৰ ছাত্ৰী এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল। প্ৰথম বিভাগত ২৭৫৮,দ্বিতীয় বিভাগত ৩১১১ আৰু তৃতীয় বিভাগত ২৯৮৭ গৰাকীসহ সৰ্বমুঠ ৮৮৫৬ গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।