বিশ্বনাথ জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত তীব্ৰ প্ৰতিবাদ

 10/06/2020 - 17:46


বিশ্বনাথঃ উত্তৰ প্ৰদেশৰ যুৱতী মনিষা বাল্মিকীৰ জঘন্য দলবদ্ধ ধৰ্ষণ, হত্যাকাৰীক দৃষ্টান্তমূলক শাস্তি, SI কেলেংকাৰীৰ নিৰপেক্ষ তদন্তৰ দাবীত ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ, ধৰ্ণা। বিশ্বনাথ জিলা যুৱ কংগ্ৰেছৰ উদ্যোগতো সোমবাৰে সন্ধিয়া বিহালীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত উত্তৰ প্ৰদেশৰ হাথৰচৰ মণিষা বাল্মিকীৰ জঘন্য ধৰ্ষণ ও হত্যাকাৰীক দৃষ্টিন্তমূলক শাস্তি প্ৰদান কৰাৰ লগতে অসম আৰক্ষীৰ SI কেলেংকাৰীৰ তদন্ত ক্ষীপ্ৰতৰ কৰিবলৈ দাবী জনাই বিভিন্ন শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

ইয়াৰ পূৰ্বে বিহালীৰ কল্যাণ আশ্ৰমত দলটোৱে অনুষ্ঠিত কৰে এখনি বৰ্ধিত কাৰ্যনিৰ্বাহক সভা। অনুষ্ঠানত নিখিল ভাৰত যুৱ কংগ্ৰেছ কমিটীৰ সম্পাদক তথা অসমৰ তত্বাৱধায়ক প্ৰীতম কৰ্মকাৰ, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সম্পাদক অভিজিৎ বৰা, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক মেঘনাৰ চেত্ৰী, জিতু গগৈ, সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সম্পাদিকা চেৰিফা ৰহমান, প্ৰদেশ কংগ্ৰেছৰ সম্পাদক তথা বিশ্বনাথ জিলাৰ তত্বাৱধায়ক ৰাণা বৰা, প্ৰদেশ কংগ্ৰেছৰ সম্পাদক প্ৰেমলাল গঞ্জু, অসম প্ৰদেশ সেৱা দলৰ সম্পাদক প্ৰণৱ চৌধুৰী, বিশ্বনাথ জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী সৰস্বতী ৰাজবংশী আদিৰ উপৰিও প্ৰায় ২ শতাধিক যুৱ কংগ্ৰেছী, সেৱা দলৰ সদস্য আদিয়ে অংশগ্ৰহণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।