তামুলপুৰৰ দৈমাবাৰীত বিঘাই বিঘাই ধানখেতি জাহ গৈছে নৈৰ গৰাখহনীয়াত, মূৰে-কপালে হাত দিছে খেতিয়কসকল

 10/08/2020 - 14:15

 

তামুলপুৰঃ তামুলপুৰৰ দৈমাবাৰীত বিঘাই বিঘাই ধান খেতি জাহ গৈছে নৈৰ গৰাখহনীয়াত। বানৰ পিছত এইবাৰ তামুলপুৰৰ দৈমাবাৰীত দেখিবলৈ পোৱা গৈছে এই দুখ লগা দৃশ্য। ভূটান পাহাৰৰ পৰা বৈ অহা মটঙা নৈৰ পানীয়ে কালৰূপ ধাৰণ কৰাৰ পিছত অঞ্চলটোৰ কৃষিজীৱি লোকসকলৰ ধানখেতি সমূহ এইদৰে নৈৰ বুকুত জাহ যোৱাত এতিয়া মূৰে কপালে হাত দিব লগা হৈছে খেতিয়কসকল।

দৈমাবাৰী নামৰ গাঁওখনৰ কাষেদি বৈ যোৱা মটঙা নৈৰ ব্যাপক গৰাখহনীয়াৰ ফলত বহু লোকৰ তামোল বাগানকে আদি কৰি বহু গছ-গছনি বিলীন হৈ গৈছে নৈখনৰ বুকুত। সমান্তৰালভাবে নৈখনৰ বুকুত বহু বিঘা মাটি জাহ গৈছে। অতি শীঘ্ৰে নৈখনৰ গৰাখহনীয়া ৰোধ কৰাৰ বাবে কোনো বাস্তৱ সন্মত পদক্ষেপ গ্ৰহণ নকৰিলে পৰৱৰ্তী সময়ত গাঁও খন উচন হৈ পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।