আলফাৰ পৰা বহিস্কাৰ কৰা হ'ল জিতেন দত্তক

 10/08/2020 - 19:19

 

নিউজ ডেস্কঃ বহু বিতৰ্কৰ অন্ত পেলাই অৱশেষত আলফাৰ পৰা বহিষ্কাৰ কৰা হ’ল আলোচনাপন্থী আলফা নেতা জীতেন দত্তক। বৃহস্পতিবাৰে এক প্ৰেছ বিজ্ঞাপতিযোগে আলফা(স্বা)ৰ মজিয়াৰ পৰা এই কথা সদৰী কৰে। প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰা অনুসৰি, এতিয়াৰ পৰা আলোচনাপন্থী আলফা নেতা হিচাপে লাভ কৰা সকলো সা-সুবিধাৰ পৰা বঞ্চিত হ’ব জীতেন দত্ত। সতীৰ্থ হত্যাৰ লগতে অন্যান্য বহু কেইটা গুৰুতৰ অভিযোগ উত্থাপিত হোৱাৰ পিছত খণ্ডন কৰাৰ সুবিধা লাভ কৰিও ৰাইজ মেলত উপস্থিত নাথাকিল জীতেন দত্ত। ফলত এতিয়া আলফাৰ প্ৰাথমিক সদস্য পদৰ পৰাও বহিষ্কাৰ কৰা হ’ল জীতেন দত্তক।

জিতেন দত্তৰ লগতে জোন ভূঞাকো আলফাৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিস্কাৰ কৰিছে আলফা(স্বা)য়ে। ইফালে ভুলক্ৰমে আত্মসমৰ্পণকাৰী বিজয় চাইনিজৰ নাম আলোচনাপন্থীৰ তালিকাত সন্নিৱিষ্ট হৈছিল বুলিও উল্লেখ কৰে আলফা স্বাধীনে৷ বিজয় চাইনিজৰ নামো এতিয়া আলোচনাপন্থীৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে বুলি উল্লেখ কৰা হৈছে প্ৰেছ বিজ্ঞপ্তিত। ফলস্বৰূপে এতিয়া আলোচনাপন্থী হিচাপে লাভ কৰা সকলো সুবিধাৰ পৰা বঞ্চিত হ'ব বিজয় চাইনিজো।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।