কাৰ্বি আংলঙৰ ডিলাইত ১ কেজি পৰিমাণৰ হেৰ'ইন আৰু ১ কেজি পৰিমাণৰ ব্ৰাউন চুগাৰসহ দুজনক আটক

 10/09/2020 - 15:23

 

 

চিলনীজানঃ কাৰ্বি আংলং জিলাৰ ডিলাই আৰক্ষীৰ নিয়মীয়াকৈ চলি থকা নাকা তালাচীত শুকুৰবাৰে পুৱাৰ ভাগত ১ কেজি পৰিমাণৰ হেৰ'ইন আৰু ১ কেজি পৰিমাণৰ ব্ৰাউন চুগাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। উল্লেখ্য যে আৰক্ষীৰ তালাচীত AS01LC3613 নম্বৰৰ ট্ৰাকখনৰ পৰা উক্ত হেৰ'ইন আৰু ব্ৰাউন চুগাৰখিনি উদ্ধাৰ কৰাৰ লগতে ৪১ বছৰীয়া নুৰ ইছলাম আৰু ২২ বছৰীয়া আব্দুল আজিজক আটক কৰে আৰক্ষীয়ে। ইয়াৰে নুৰ ইছলামৰ ঘৰ পূব ইম্ফলৰ ক্ষেত্ৰী গাঁৱৰ বাসিন্দা বুলি স্বীকাৰ কৰাৰ বিপৰীতে আব্দুল আজিজৰ ঘৰ গোৱালপাৰাৰ কৃষ্ণাইত বুলি জানিব পৰা গৈছে। সম্প্ৰতি আটকাধীন লোক দুজনক মাৰাথান জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।