মৰিয়নীত আঘাতপ্ৰাপ্ত বন্যহস্তীৰ বিচৰণ, খবৰ নাই কোনো বন বিভাগৰ

 10/10/2020 - 14:13

 


মৰিয়নীঃ মৰিয়নী হোলোঙাপাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীৰ জাকে প্ৰায় তিনি ঘণ্টা ধৰি ধোদৰ আলিত অৱস্থান কৰাৰ সময়ত, লেঙেৰাই গৈ থকা হাতীতোৰ দৃশ্য বন্দী হয় কেমেৰাত। বাওঁ‌ ফালৰ পিচ ঠেঙত আঘাট পোৱাৰ বাৱে লেঙেৰাই লেঙেৰাই যোৱা দেখা গ’ল।

জানিব পৰামতে কিছু দিন ধৰি আঘাটপ্ৰাপ্ত হাতীটোৱে এনেকৈ লেঙেৰাই লেঙেৰাই ঘুৰি ফুৰিছে যদিও এই পৰ্যন্ত হাতীটোৰ চিকিৎসাৰ বাবে বন বিভাগে কোনো ব্যৱস্থা গ্ৰহন কৰা নাই। হাতীটোৱে কেনেকৈ আঘাট পালে সেই বিষয়েও জানিব পৰা হোৱা নাই। হাতীটোৰ চিকিৎসাৰ বাৱে উদ্ধৰ্তম কৰ্তৃপক্ষক জনাব বুলি জানিব দিয়ে বনকৰ্মীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।