জুৰীয়াত দুখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ ১০০%

 05/15/2019 - 17:31

জুৰীয়াঃ ঘোষিত হ’ল ২০১৯ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ চুড়ান্ত ফলাফল।সমগ্ৰ অসমৰ লগতে নগাঁৱৰ জুৰীয়াতো ছাত্ৰ-ছাত্ৰী সকলৰ মাজত দেখা গ’ল ব্যাপক উৎসাহ।

জুৰীয়াত দুখনকৈ ব্যক্তিগত খণ্ডৰ বিদ্যালয় ক্ৰমে তাৰাবাৰি জাতীয় বিদ্যালয় আৰু কালিয়া ডিংগাৰ অসম ভেলী জাতীয় বিদ্যালয়ত ১০০% উত্তীৰ্ণৰ হাৰে অঞ্চলটোলৈ কঢ়িয়াই আনিছে সুখৰ বতৰা।

তাৰাবাৰি জাতীয় বিদ্যালয়ত উত্তীৰ্ণৰ হাৰ ১০০%। মুঠ ছাত্ৰ-ছাত্ৰী আছিল ৯ জন তাৰে শ্বৱনম ছামিনা আৰু আফৰিন আহমেদৰ ষ্টাৰ মাৰ্কছসহ মুঠ ছয়জনে প্ৰথম বিভাগ আৰু বাকী তিনিজনে দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়।

সমান্তৰাল ভাৱে জুৰীয়াৰ অসম ভেলী জাতীয় বিদ্যালয়ৰ আফছানা আজমিনে গোটেই কেইটা বিষয়ত লেটাৰ মাৰ্কছসহ ভাল ফলাফল কৰিবলৈ সক্ষম হৈছে। অতি পিছপৰা অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ এনে ফলাফলৰ শলাগ লৈছে জুৰীয়াৰ সচেতন মহলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।