ৰহাত আজি অনুষ্ঠিত হয় গ্ৰন্থ উন্মোচনী সভা

 10/16/2020 - 17:19

 


ৰহাঃ ৰহাত অজি অনুষ্ঠিত হয় এখন গ্ৰন্থ উন্মোচন সভা৷ অসম সাহিত্য সভাৰ একমাত্ৰ মহিলা শাখা সূৰ্যৱতী শাখা সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত হোৱা এই গ্ৰন্থ উন্মোচিত সভাত বিনু লস্কৰ ঠাকুৰীয়াৰ উপন্যাস 'কাজললতা' উন্মোচন কৰা হয়৷ ৰহা আদৰ্শ শিশু বিকাশ কেন্দ্ৰত অনুষ্ঠিত হোৱা এই সভাত কাজললতা উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱাই৷ দহখনতকৈ অধিক গ্ৰন্থ সৃষ্টি কৰি অসমীয়া সাহিত্য জগতখন তনকিয়াল কৰিবলৈ সক্ষম হোৱা বিনু লস্কৰ ঠাকুৰীয়াৰ এই গাম্ভীৰ্য পুৰ্ণ গ্ৰন্থ উন্মোচনি সভাত বহু কেইজন বিশিষ্ট শিক্ষাবিদ কবি সাহিত্যিককে প্ৰমুখ্যে কৰি বিভিন্ন দল সংগঠনৰ নেতৃত্বৰ লগতে ভালেমান গন্যমান্য ব্যক্তি উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।