ষষ্ঠ স্থান দখলেৰে বৰপেটাৰ দুই শিক্ষাৰ্থীয়ে উজ্জ্বলালে বৰপেটা চহৰ

 05/15/2019 - 19:12

বৰপেটা: আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত বৰপেটা চহৰৰ দুগৰাকী ছাত্ৰীয়ে ৰাজ্যৰ ভিতৰত ষষ্ঠস্থান লাভ কৰি চহৰখনলৈ গৌৰৱ কঢ়িয়াই আনে৷ বৰপেটাৰ বাৰাদীস্থিত ছেইন্ট মেৰিছ ইংৰাজী বিদ্যালয়ৰ দুই ছাত্ৰী ক্ৰমে ৰাজশ্ৰী পাঠক আৰু অভিপ্সা দাসে মুঠ ৫৮৮ নম্বৰকৈ লাভ কৰি ষষ্ঠ স্থান লাভ কৰে৷

ছাত্ৰী দুগৰাকীৰ এনে সাফল্যত ছেইন্ট মেৰিছ ইংৰাজী বিদ্যালয়খনত এক উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হয়৷ দুয়োগৰাকী ছাত্ৰী বৰপেটা চহৰৰ বিলৰতাৰীহাটীৰ বাসিন্দা৷ ৰাজশ্ৰী পাঠকৰ পিতৃ হ'ল ভাস্কৰ পাঠক আৰু মাতৃ ৰুণুমী হাজৰিকা পাঠক৷ আনহাতে অভিপ্সা দাসৰ পিতৃ হ'ল অমিয় কুমাৰ দাস আৰু মাতৃ ফুলকুমাৰী দাস।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।