বাৰনসীত কান্দিছে অসহায় পূৰ্ণিমাই: জীয়াৰীক উদ্ধাৰৰ আহ্বান মাতৃৰ

 05/16/2019 - 12:05

গোৰেশ্বৰ: অসমৰ এগৰাকী ৩০ বছৰীয়া মহিলা৷ নাম পূৰ্ণিমা দাস৷ পূৰ্ণিমা এতিয়া উত্তৰ প্ৰদেশৰ বাৰনসীৰ এটি অতিথিশালাত৷ হঠাৎ বাৰনসীৰ পৰা ৬ মে’ত বাক্সাৰ সুৱাগপুৰ বৰনদীপাৰ গাঁৱৰ পূৰ্ণিমাৰ সম্পৰ্কীয় মাহীয়েক শৰ্মিষ্ঠা ডেকালৈ এটি ফোন আহে আৰু উচুপি উচুপি পূৰ্ণিমাই কয় মাহী, মই পূৰ্ণিমা মোক উদ্ধাৰ কৰা মই ক'ত আছো নাজানো৷ এয়া কথা পাতা আৰু মোক উদ্ধাৰ কৰি লৈ যোৱা৷ পাছত অতিথিশালাৰ এজন ব্যক্তিয়ে পূৰ্ণিমা থকা ঠাইৰ সম্পূৰ্ণ ঠিকনা দিলে৷ ঠিকনামতে উত্তৰ প্ৰদেশৰ বাৰনসী জিলাৰ লংকাস্থিত শিৱপ্ৰসাদ গুপ্তা কলনিৰ নৰেন্দ্ৰ অতিথি শালাত আছে পূৰ্ণিমা৷

ইতিমধ্যে যোগাযোগৰ বাবে ম'বাইল নম্বৰ দিছে অতিথিশালা কৰ্তৃপক্ষই৷ উপযুক্ত প্ৰমাণেৰে কৰ্তৃপক্ষৰ ৯৩০৫১০৭৩৩২ আৰু ৮৩১৮১৭৬৫৫৯ যোগাযোগ কৰিবলৈ উক্ত ব্যক্তিজনে অৱগত কৰে। ইপিনে চকু পানীৰে বাট নেদেখা হোৱা মহিলাগৰাকীয়ে ঘৰলৈ অহাৰ কথা মাতৃক অৱগত কৰে যদিও অসহায় মাতৃগৰাকীয়ে কোনো হৃদয়বান ব্যক্তি অথবা স্বেচ্ছাসেৱী অনুষ্ঠানৰহে সহায় বিছাৰে৷ উল্লেখ্য যে কামৰূপ গ্ৰাম্যৰ ৰঙিয়াৰ নিকটবৰ্তী পিতাম্বৰহাট বজালীৰ এটি অতি দৰিদ্ৰ পৰিয়াল প্ৰয়াত বিপিন দাস আৰু যামিনী দাস৷

আৰ্থিক দৈন্যতাৰ বাবে তেওঁলোকৰে জীয়াৰী পূৰ্ণিমাক প্ৰায় ১২ বছৰ বয়সতে গুৱাহাটীৰ নুনমাটিস্থিত স্নেহালয়ত থৈছিল৷ তাতে যুৱতীগৰাকীয়ে পঢ়া শুনা কৰিছিল৷ সময় বাগৰাৰ লগে লগে যুৱতী পূৰ্ণিমাই নুনমাটিৰে এটি কোম্পানীত চিকুৰিটী গাৰ্ড হিচাবে কাম কৰা গহপুৰৰ যুৱক দৈথুন বসুমতাৰীৰ লগত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে৷ পৰবৰ্তী সময়ত স্নেহালয় কৰ্তৃপক্ষই প্ৰায় ২০০৬ চনত পূৰ্ণিমাৰ মাতৃ আৰু ভাতৃৰ সন্মতিত গুৱাহাটী উচ্চ ন্যায়ালয়ত দৈথুনৰ লগতে বিবাহ কাৰ্য সম্পন্ন কৰায়৷ প্ৰায় ১২ বছৰ সংসাৰ অতিক্ৰম কৰে যদিও তেওঁলোকৰ কোনো সতি সন্ততি নাছিল৷

পাছত এক ৰহস্যজনকভাৱে প্ৰায় ৯ মাহ পুৃূৰ্বে মানসিকভাবে ভাৰাক্ৰান্ত হৈ পূৰ্ণিমা গুৱাহাটীৰ পৰা নিৰুদিষ্ট হয় বুলি দৈথুনে পূৰ্ণিমাৰ মাতৃক জানিবলৈ দিছিল৷ অসহায় মাতৃগৰাকীয়ো জীয়াৰীৰ নিৰুদ্দেশৰ কথা শুনি চকু পানীৰে বাট নেদেখা হৈ ভগৱানকে সাৰোগত কৰি দিন অতিবাহিত কৰিছিল আৰু পাছত জীয়ৰীৰ সন্ধানৰ খবৰ পাই বাক্সাৰ সুৱাগপুৰৰ সম্পৰ্কীয়ৰ ঘৰত উপস্থিত হৈ সহায় বিছাৰিছে মাতৃগৰাকীয়ে৷ এতিয়া অসহায় মাতৃগৰাকীক আপোনাৰ মোৰ সহায়ৰ প্ৰয়োজন৷ আপোনাৰ মোৰ অকণমান সহায়ে পূৰ্ণিমা উদ্ধাৰ হ'ব৷

সেয়ে কোনো হৃদয়বান লোক, অনুষ্ঠান অথবা চৰকাৰক উদ্ধাৰৰ আহ্বান জনাইছে মাতৃগৰাকীয়ে৷ যদি কোনো লোকে পূৰ্ণিমাক উদ্ধাৰৰ বাবে সহায় কৰিব বিছাৰে তেন্তে পৰিয়ালৰ ৯৬৭৮১৪৪৯২৩ নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ অনুৰোধ জনাইছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।