তামুলপুৰ মহকুমা কৃষি বিষয়া কাৰ্যালয়ত খুচুৰা আৰু পাইকাৰী সাৰ বিক্ৰেতাসকলৰ সজাগতা সভা

 10/20/2020 - 13:08

 

তামুলপুৰঃ তামুলপুৰ মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত খুচুৰা আৰু পাইকাৰী সাৰ বিক্ৰেতা সকলৰ এখন সজাগতা সভা আজি তামুলপুৰ মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত হয়৷ তামুলপুৰ মহকুমা কৃষি বিষয়া ফণীধৰ ব্ৰহ্মৰ সঞ্চালনাত অনুষ্ঠিত সজাগতা সভাখনত ছয়টা কৃষি চক্ৰৰ প্ৰায় পঞ্চাশ খন অনুঞ্জাপত্ৰ থকা খুচুৰা আৰু পাইকাৰী সাৰ বিক্ৰেতাসকল উপস্থিত থাকে৷ সজাগতা সভাত মহকুমা কৃষি বিষয়া ফণীধৰ ব্ৰহ্মই অনুঞ্জাপত্ৰ থকা সাৰ বিক্ৰেতা সকলৰ মাজত বৰ্তমান বিক্ৰীকেন্দ্ৰ সমূহ কি দৰে অনলাইন কৰিব, তথ্যপাতি আদি কি দৰে অনলাইন মাধ্যমেৰে আপলোড কৰিব পি ও এচ যন্ত্ৰ পৰিচালনা আৰু ডিজিটেল লেনদেনৰ উপৰিও সাৰ বীজ কীটনাশক দ্ৰব্য আদিৰ যথাযথ প্ৰয়োগ আৰু নিয়ন্ত্ৰণ আদিৰ ওপৰত সাৱলীল বক্তব্য প্ৰদান কৰে। তাৰোপৰি কৃষি বিভাগৰ শেহতীয়া নীতি নিৰ্দেশনা সমূহৰ ওপৰতো তেওঁ বহল ব্যাখ্যা দাঙি ধৰে৷

সাৰ বিক্ৰী কেন্দ্ৰ সমূহৰ অনলাইন পদ্ধতি সুন্দৰ ভাৱে হাতে কামে শিকাই দিয়ে কৃষি বিজ্ঞানী তথা আত্মাৰ খণ্ড প্ৰযুক্তি পৰিচালক সঞ্জয় ৰাভাই৷ ইপিনে সজাগতা সভাত পি ও এচ যন্ত্ৰৰ ওপৰত প্ৰশিক্ষণ দিয়ে পে চুইফ গ্লোবেল কোম্পানীৰ বিষয়া প্ৰদীপ দেই৷ আজিৰ এই সজাগতা সভাত বাগসা জিলা কৃষি বিষয়া মৃগেন স্বৰ্গীয়াৰী, তামুলপুৰ কৃষি মহকুমাৰ জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া দ্বিজেন চৌধুৰী, কুমাৰীকাটা চক্ৰৰ কৃষি উন্নয়ন বিষয়া বগা ৰাম বড়ো আৰু খণ্ডিকৰ চক্ৰৰ কৃষি উন্নয়ন বিষয়া চানচৌৰাং বসুমতাৰীৰ উপৰিও কৃষি মহকুমা কাৰ্যালয়ৰ বিভিন্ন পৰ্যায়ৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।