মৰিগাঁও জিলাৰ মৈৰাবাৰী বজাৰত অসম মিঞা পৰিষদে শোণিতপুৰৰ উচ্ছেদক কেন্দ্ৰ কৰি আজি মুখ্যমন্ত্ৰী সোণোৱালৰ পুত্তলিকা দাহ

 10/22/2020 - 15:10

 

নিউজ  ডেস্কঃ অসম মিঞা পৰিষদে মৰিগাঁও জিলাৰ মৈৰাবাৰী বজাৰত শোণিতপুৰৰ উচ্ছেদক কেন্দ্ৰ কৰি আজি মুখ্যমন্ত্ৰী সোণোৱালৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ ৰাম মন্দিৰৰ ভূমি পূজনৰ দিনা শোণিতপুৰৰ জিলাৰ বৰছলা এলেকাত এক অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি হোৱা এলেকাত চৰকাৰে চলোৱা উচ্ছেদ অভিযানটিৰ বিৰুদ্ধে সৰৱ হৈ পৰে সংগঠনটিয়ে৷ বিজেপি চৰকাৰ হায় হায়, বিজেপি চৰকাৰ গ বেক, অবৈধ উচ্ছেদ বন্ধ কৰক, বিজেপি চৰকাৰ হুচিয়াৰ, সৰ্বানন্দ সোণোৱাল হায়, হায়!  আদি বিভিন্ন শ্ল’গানেৰে মৈৰাবাৰী বজাৰ আজি পুৱাৰ ভাগত উত্তাল কৰি তোলে৷

চৰকাৰে আগজাননী নিদিয়াকৈ 64 টা পৰিয়ালক যি উচ্ছেদ চলাইছে তাক ধিক্কাৰ দি সংগঠনটোৱে কয় যে টকাৰ বিনিময়ত মাটি কিনি লোৱা সকলক সাম্প্ৰদায়িক আৰু গোষ্ঠীগত সংঘৰ্ষ কৰাৰ পৰিকল্পনাৰ লগতে ৰাজনৈতিক লাভালাভৰ বাবে উচ্ছেদ কৰা বুলি গৰিহণা দিয়ে৷ অসম মিঞা পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক আনিচুৰ ৰহমানে সমালোচনা কৰি লগতে কয় যে উক্ত এলেকাত ইন্দিৰা আৱাস যোজনাৰ একাধিক ঘৰ থকাৰ লগতে মাটি কিনি বসবাস কৰি আছিল উচ্ছেদ কৰা পৰিয়াল কেইটা৷

যদিও উক্ত এলেকাৰ আন চৰকাৰী ঠাইত উচ্ছেদ কৰাৰ পৰিৱৰ্তে এই এলেকাত উচ্ছেদ কৰাটো সম্পূৰ্ণ পৰিকল্পিত৷ চৰকাৰে অতি শীঘ্ৰেই উক্ত উচ্ছেদিত পৰিয়ালকেইটাক সংস্থাপনৰ ব্যৱস্থা নকৰিলে পৰৱৰ্তী পৰ্যায়ত অধিক ভয়ানকভাৱে কাৰ্যসূচী লব বুলি সকিয়াই দিয়ে৷ আনহাতে মৰিগাঁও জিলা সভাপতিয়ে আশ্বাদুজ জামানে বিজেপি চৰকাৰে চোৰৰ দৰে প্ৰতিশোধ কল্পে উচ্ছেদ কাৰ্যৰ তীব্ৰ বিৰোধিতা প্ৰকাশ কৰিছে৷
চৰকাৰৰ স্বৈৰাচাৰী আৰু হিন্দুত্ববাদী চৰিত্ৰক একে মুখে সংগঠনটোৱে ধিক্কাৰ জনাইছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।