হোজাই জিলাৰ কাকীত মহিলাৰ সুৰা বিৰোধী অভিযান

 10/25/2020 - 14:58


নিউজ ডেস্কঃ হোজাই জিলাৰ কাকীত সুৰাৰ ঘাটিত মহিলাই চলালে অভিযান। কাকী অঞ্চলটোত গঢ় লৈ উঠা সুৰা কেৱল ইমানেই নহয় মদ্যপান কৰি অঞ্চলটোৰ পৰিৱেশ বিনষ্ট কৰা মদাহীৰ ঘৰে ঘৰে গৈ দিলে সকীয়নী। কাকী মহিলা সমিতিৰ উদ্যোগত দুই নং কাকীত চলোৱা হয় সুৰা বিৰোধী অভিযান।

উল্লেখযোগ্য যে হোজাই জিলা আৱকাৰী বিভাগৰ উপাধীক্ষক হিচাপে কুঞ্জহৰী শৰ্মাই দায়িত্ব লোৱাৰ পিছৰে পৰা হোজাই জিলাত ব্যাপক হাৰত অবৈধ সুৰাৰ ঘাটি বৃদ্ধি পোৱাৰ অভিযোগ উত্থাপিত হৈছে।আৱকাৰী বিভাগে কৰিব লগীয়া কাম মহিলাসকলে কৰিবলগীয়া হোৱাত কাকীত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।