লংকাৰ বিদ্যুৎ বিভাগৰ চৰম গাফিলতি, দুখীয়া লোকৰ ওপৰত মাধমাৰ সুধায় বিদ্যুৎৰ বিল প্ৰস্তুত কৰিলে লংকাৰ বিদ্যুৎ বিভাগে

 10/26/2020 - 15:04

 


লংকাঃ হোজাই জিলাৰ লংকা বিদ্যুৎ বিভাগৰ এনে কান্দহীন কমত চকু কপালত উঠিছে সাধাৰণ শ্ৰেণী গ্ৰাহকৰ। হোজাই জিলাৰ কাকীত দুই মাহৰ পৰিশোধ কৰিবলগীয়া বিলৰ পৰিমাণ দেখুৱাই এঘৰ এঘৰ মানুহক 3000 টকাৰ পৰা 11,000 টকালৈ বিল বিতৰন কৰিছে। 2নং কাকী ঠাইচুপাৰ কাচধৰাত এনেধৰনৰ ঘটনায়েই সংঘটিত কৰিছে বিদ্যুৎ বিভাগে। উল্লেখ্য যে, এই অঞ্চলটোত সৰহ সংখ্যকলোকেই দৰিদ্ৰ শ্ৰেণীৰ।

প্ৰত্যক ঘৰ মানুহৰ দুটাৰ পৰা চাৰিটা লাইট, এখন নাইবা দুখন ফেনৰ বাহিৰে কোনোধৰনৰ নাই বিদ্যুৎ সংযোগী বস্তু। তৎস্বতেও দুই মাহত ইমান বিল কেনেকৈ আহিল ই এক ডাঙৰ ৰহস্য। মাহে মাহে মিটাৰ Reading লবলৈ নাহে বুলিও ভুক্তভুগীৰ অভিযোগ।

হোৱাই নোহোৱাই এসোপা বিল দুখীয়া গ্ৰাহকক দি, দুখীয়াৰ তেজ শুহিব বিচাৰিছে নেকি লংকা বিদ্যুৎ বিভাগে। নে, কোনোবা মধ্যভুগীয়ে কমিচনৰ অংক কৰিব বিচাৰিছে? বিভাগটোৰ বৰমূৰীয়াসকলে ইয়াৰ উচিত তদন্ত কৰিব নে? বিভাগীয় মন্ত্ৰী মহোদয়ে ৰাইজৰ এইসমূহ সমস্যাৰ বিষয়ে গুৰুত্ব দিব নে? সময়েহে ইয়াৰ উত্তৰ দিব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।