ডুমডুমাত গৰ্ভৱতী মহিলাৰ অগ্নিদগ্ধ হৈ কৰুণ মৃত্যু, স্বামীয়ে হত্যা কৰাৰ অভিযোগ

 10/26/2020 - 15:33

 

ডুমডুমাঃ IPL ৰ জুৱাত ধন হেৰুৱাই পত্নীৰে হোৱা কন্দলৰ পিচত কেৰাচিন ঢালি পত্নীক জ্বলাই দিয়াৰ এক লোমহৰ্ষক ঘটনা সংঘটিত হৈছে ডুমডুমাৰ বৰহাপজানত| ঘটনাৰ বিৱৰনীমতে, বৰহাপজান নিবাসী আনোৱাৰ বেপাৰি নামৰ লোকজনৰ পত্নী ৰবিনা বেগম যোৱা ইং 19 অক্টোবৰ তাৰিখে দিনৰ প্ৰায় 10 বজাত স্বামীগৃহত অগ্নিদগ্ধ হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত যোৱা 26 অক্টোবৰ তাৰিখে মৃত্যু হয়|

মৃত ৰবিনা বেগমৰ পৰিয়ালৰ অভিযোগ অনুসৰি তিনিচুকীয়াৰ মাকুম নিবাসী মহম্মদ ফকিৰৰ কন্যা ৰবিনা বেগমক 2013 বৰ্ষত আনোৱাৰ বেপাৰিয়ে বিয়া কৰাই আনিয়ে যৌতুকৰ দাবী কৰি পত্নীৰ ওপৰত শাৰিৰীক আৰু মানসিক অত্যাচাৰ চলাই আহিছিল| ইয়াৰ মাজতে তেওঁলোকৰ এটি সন্তান জন্ম হয় যদিও আনোৱাৰ বেপাৰিৰ অত্যাচাৰ অব্যাহত থাকিল| যোৱা ইং 19 অক্টোবৰ তাৰিখে আনোৱাৰ বেপাৰিয়ে IPL ত জুৱা খেলি সকলো হেৰুৱাৰ পিচত পত্নী ৰবিনা বেগমৰ সৈতে কাজিয়াত লিপ্ত হৈ পত্নীৰ গাত কেৰাচিন তেল ঢালি জ্বলাই দিয়ে|

পৰৱৰ্তী সময়ত চিকিৎসাধীন ৰবিনা বেগমে পৰিয়ালক জানিবলৈ দিয়ে যে আনোৱাৰ বেপাৰীয়ে মাতৃ আৰু দুই ভাতৃৰ সহায়ত ৰবিনাৰ শৰীৰত কেৰাচিন ঢালি জ্বলাই দিয়ে| জানিবলৈ পোৱামতে মৃত্যুৰ সময়ত ৰবীনা দুই মাহৰ গৰ্ভৱতী আছিল| এই সন্দৰ্ভত যোৱা ইং 21 অক্টোবৰ তাৰিখে ৰবীনাৰ পৰিয়ালে ডুমডুমা থানাত এক এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈকে আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহন নকৰাৰ অভিযোগ তুলিছে পৰিয়ালে| 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।