বৰমাৰ অৱসৰপ্ৰাপ্ত অধ্যাপকে ৰাইজৰ বাবে মুকলি কৰিলে ব্যক্তিগত মিউজিয়াম

 10/29/2020 - 13:53


 বৰমাঃ ড৹ নৃপেন্দ্ৰ নাথ শৰ্মা বজালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰাণী বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক৷ এজন ব্যতিক্ৰমী ব্যক্তি৷ শিক্ষকতা জীৱনত ছাত্ৰ-ছাত্ৰীসকলক শিক্ষা দিয়াৰ সমান্তৰালকৈ ড৹ নৃপেন্দ্ৰ নাথ শৰ্মাই সংগ্ৰহ কৰিছিল বিভিন্ন প্ৰজাতিৰ মাছ৷ ভৱিষ্যত প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীসকলক মাছৰ সৈতে চিনাকী কৰি দিয়াৰ বাবে নিজৰ উপাৰ্জিত ধনেৰে বাক্সা জিলাৰ নিজ জুলুকীৰ ঘৰত গঢ়ি তুলিছে এটা মিউজিয়াম৷

ৰাজ্যখনৰ ভিতৰতে প্ৰথমটো ব্যক্তিগত মিউজিয়াম" ফিছ ডাইভাৰচিটি এণ্ড হেৰিটেজ মিজিয়াম"ত আছে প্ৰায় ২৪০ বিধ বিভিন্ন প্ৰজাতিৰ মাছ৷ শিক্ষকতা জীৱনৰ পৰা শদিয়াৰ পৰা ধুবুৰীলৈ বিভিন্ন নদীৰ পৰা এই মাছবোৰ সংগ্ৰহ কৰি অসৱৰপ্ৰাপ্ত অধ্যাপকগৰাকীয়ে নিজৰ মিজিয়ামত সংগ্ৰহ কৰিছে৷ মিউজিয়ামটোত আছে বেলেগ দেশত পোৱা ভিন্ন প্ৰজাতিৰ মাছ। গৱেষণাৰ বাবে সাজি উলিওৱা মিউজিয়ামত গৱেষক ছাত্ৰ-ছাত্ৰীসকলে আহি যথেষ্ঠ জ্ঞান লাভ কৰিব পাৰিব।

আজি বিশিষ্ট গৱেষকগৰাকীৰ ৭৫ সংখ্যক জন্মদিনটোত ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকলৰ বাবে মিজিয়ামটো মুকলি কৰি দিয়ে। ৭৫ সংখ্যক জন্মদিন উপলক্ষে বৰমাৰ বাস্কা প্ৰেছ ক্লাৱৰ তৰফৰ পৰা ডঃ নৃপেন্দ্ৰ নাথ শৰ্মাক নিজ বাসভৱনতে গামোচা, অভিনন্দন পত্ৰৰে সম্ভাষণ জনায়। আজিৰ অনুষ্ঠানত বৰমাৰ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।