কাকপথাৰ মৃদংপৰা ন-মেছাকী নৱজ্যোতি যুৱক সংঘই অনুষ্ঠিত কৰা প্ৰাইজমনি ফুটবল খেলৰ সামৰণি

 10/30/2020 - 16:47

 

কাকপথাৰঃ তিনিচুকীয়া জিলা কাকপথাৰৰ অতি পিছপৰা ভিতৰুৱা মৃদংপৰাৰ ন-মেছাকী নৱজ্যোতি যুৱক সংঘই অনুষ্ঠিত কৰা প্ৰাইজমনি ফুটবল প্ৰতিযোগীতাৰ চুৰান্ত খেলখনি সফলভাবে সামৰণি পৰে৷ চুৰান্ত ফুটবল খেলখনিৰ শুভাৰম্ভ কৰে ১২৬ নং শদিয়া বিধান সভা সমষ্টিৰ বিধায়ক বলিন চেতিয়াই। কালি অনুষ্ঠিত হৈ যোৱা ৰোমাঞ্চকৰ চুৰান্ত খেলখনিত ৪-২ গলৰ ব্যৱধানত চুৰান্ত বিজয়ী হয় মেগেলা একাদশ আৰু বিজেতা দল সৰু মাইঠং B ফুটবল দল৷ খেলৰ সামৰণিত বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে বিধায়ক প্ৰতিনিধি সীমান্ত মৰাণ, বিজেপিৰ মণ্ডল সভাপতি পাপু শইকীয়া, প্ৰণৱ শইকীয়া, কাকপথাৰ প্ৰেছ ক্লাৱৰ সমস্য সাংবাদিক ইন্দ্ৰজিত গগৈ, ৰাজকুমাৰ শৰ্মা আৰু ভাস্কৰজ্যোতি ভূঞাৰ লগতে অঞ্চলৰটোৰ কেইবাগৰাকীও গণ্য মান্য ব্যক্তি৷ চুৰান্ত বিজয়ী দলক নগদ ১২০০০ টকা ট্ৰফী সহ আৰু বিজেতা দলক নগদ ৭০০০ টকা ট্ৰফী সহ যুৱক সংঘৰ তৰফৰ পৰা প্ৰদান কৰা হয়৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।