নৰ্থ লখিমপুৰত সাংবাদিক পৰাগ কুমাৰ দাসৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

 05/17/2019 - 16:48

লখিমপুৰ: শ্বহীদ সাংবাদিক পৰাগ কুমাৰ দাসৰ মৃত্যু দিন উপলক্ষে আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ বিষয়ববীয়াৰ লগতে সদস্যসকল উপস্থিত থাকে। শ্বহীদ সাংবাদিক পৰাগ কুমাৰ দাসৰ মৃত্যুৰ দিনটো বন্তি প্ৰজ্জ্বলনেৰে আৰম্ভণি কৰি সাংবাদিকগৰাকীৰ প্ৰতিচ্ছবিত সকলো সদস্যই মাল্যৰ্পণ কৰে।

পৰাগ কুমাৰ দাসৰ মৃত্যুৰ ২৩টা বছৰ ওকলিল কিন্তু আজিও ধৰা নপৰিল হত্যাকাৰী, এই লৈ ক্ষোভ প্ৰকাশ কৰে প্ৰেছ ক্লাবৰ সদস্যসকলে। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত পৰাগ কুমাৰ দাসৰ বিষয়ে বিতংভাৱে আলোচনা কৰাৰ লগতে অসমৰ শ্বহীদ সাংবাদিকসকলৰ বিষয়েও আলোচনা কৰা হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।