ৰাজ্যত অভি-নীল কাণ্ডৰ পুনৰাবৃত্তিঃ হোজাইৰ যমুনামুখত নিশা দুই যুৱকক হত্যাৰ চেষ্টা একাংশ উদণ্ড লোকৰ

 11/28/2020 - 13:49

 

 


ডবকাঃ হোজাই জিলাৰ যমুনামুখ আৰক্ষী থানাৰ অন্তৰ্গত ভেদৌআটি গাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো। ডবকাৰ হালধীহাটিৰ দুই যুৱক বাইকলৈ সন্ধিয়া যমুনামুখৰ বগুৰিত আহি থাকোঁতে ভেদৌআটি গাঁৱৰ প্রথমে কেইজনমান লোকে আগভেটি ধৰি মাৰপিট কৰি চোৰ ডকাইত বুলি চিঞৰ বাখৰ কৰে।

লগে লগে গাঁওখনৰ প্ৰায় অর্ধশতাধিকলোক ওলাই আহি দুই যুৱকক প্রাণে মৰাৰ চেষ্টা চলায়। জাফৰান হুছেইন আৰু বাবুল হুছেইন নামৰ দুই যুৱকে উদণ্ড লোক কেইজনক বহু কাকতি মিনতী কৰি কয় আমাক নামাৰিব,আমি বেয়া মানুহ নহয়। তৎস্বত্তেও উত্তেজিত একাংশই দুই যুৱকৰ কথা নুশুনি বর্বৰবাবে আক্ৰমণ চলায়।

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দুই যুৱকক পৰৱর্তী সময়ত স্থানীয় সচেতন কেইজনমানলোকে উদ্ধাৰ কৰে।ইয়াৰ পাছতে পৰিয়ালৰ লোক উপস্থিত হয় দুয়োকে চমজি লৈ যমুনামুখ আৰক্ষী থানাত উপস্থিত হয়। ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত যমুনামুখ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ভুক্তভোগীয়ে।ঘটনাক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া সৃষ্টি হৈছে হোজাইত। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।