গোসাঁইগাঁৱৰ মৰনৈ চাহ-বাগিচাত কংগ্ৰেছৰ বিশাল নিৰ্বাচনী সভা

 12/01/2020 - 19:39

 
গোসাঁইগাঁওঃ সমাগত বিটিচি নিৰ্বাচন। নিৰ্বাচন মাজতে কেইটামান দিন বাকী। বিটিচি দখল কৰিবলৈ কংগ্ৰেছ- এ আই ইউ ডি এফ দলে যৌথভাৱে চলাই গৈছে নিৰ্বাচনী প্ৰচাৰ। আজি বিটিচিৰ ৩ নম্বৰ শ্ৰীৰামপুৰ সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী সজল সিংহৰ হৈ নিৰ্বাচনী সভা অনুষ্ঠিত হয়।

উক্ত সভাত বিজেপি দলক তীব্ৰ সমালোচনা কৰে কংগ্ৰেছ দলৰ শীর্ষ নেতৃত্বতই। এইবেলি কংগ্ৰেছ-এ আই ইউ ডি এফ দলে বিটিচি চৰকাৰ গঠন কৰিব। বিটিচিৰ পৰা দুৰ্নীতি নিৰ্মূল হব। কংগ্ৰেছক বাদ দি কোনেও চৰকাৰ গঠন কৰিব নোৱাৰে সেয়া নিশ্চিত। কংগ্ৰেছ মুখ্য ভূমিকা লব।

কংগ্ৰেছ সমস্যা সমাধান কৰে। কিন্তু বিজেপি, বিপিএফ দলে সমস্যাৰ সৃষ্টি কৰে। গোসাঁইগাঁৱৰ মৰনৈ চাহ-বাগিচাত কংগ্ৰেছৰ নিৰ্বাচনী সভা। শ্ৰীৰামপুৰ সমষ্টিৰ কংগ্ৰেছ-এ আই ইউ ডি এফৰ প্ৰাৰ্থী সজল সিংহৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় কংগ্ৰেছৰ শীর্ষ নেতৃত্বতই।

উক্ত সভাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক অপূৰ্ব ভট্টাচাৰ্য। বিৰোধী দলৰ সভাপতি দেৱব্ৰত শইকীয়া, বিধায়ক ৰূপ জ্যোতি কুৰ্মী, প্ৰাক্তন মন্ত্ৰী ওবাজেদ আলী আদি কৰি কংগ্ৰেছ দলৰ শীর্ষ নেতা কর্মী উপস্থিত থাকি বিজেপি দলত সমালোচনা কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।