শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ টুপিয়াত ধৰ্মৰ স্বীকৃতি বিচাৰি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ একাংশ আদিবাসীৰ

 12/06/2020 - 16:23

 

জামুগুৰিহাটঃ এইবাৰ ধৰ্মৰ স্বীকৃতি বিচাৰি ৰাজপথলৈ ওলায় আহিল একাংশ আদিবাসী৷ ধৰ্মৰ নামত এই সকল আদিবাসীক চৰকাৰে প্ৰতাৰণা প্ৰবঞ্চনা কৰি অহাৰ অভিযোগ উঠিছে৷ দেওবাৰে পুৱা শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ টুপিয়াত ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে আদিবাসী চেংগেল অভিযান শোণিতপুৰ জিলা কমিটিয়ে৷

পুৱা ১১ বজাৰ পৰা দিনৰ ১ বজালৈ টুপীয়াৰ ৫২নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি আদিবাসী সংগঠনটোৰ নেতৃত্বই কয় অসম চৰকাৰে আমাক প্ৰতাৰণা কৰি আহিছে৷ আমাৰ ধৰ্মটোক এটা কড দিব লাগে৷ চান্না ধৰ্মটোক চৰকাৰে মান্যতা দিব লাগে৷ কাগজে-কলমে চান্না ধৰ্মটোক স্বীকৃতি দিব লাগে বুলি দাৱী তোলে সংগঠনটোৰ নেতৃত্বই৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।