লংকাত স্বচ্ছ ভাৰত অভিযানৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ

 12/20/2020 - 16:44

 

লংকাঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক অভিলাসী আঁচনি হৈছে স্বচ্ছ ভাৰত অভিযান। বৰ্তমান এই আঁচনিৰ নামত লংকাত সংঘটিত হৈছে ব্যাপক দুনীতি অভিযোগ। লংকা মোনচিপালটি বৰ্ডে লংকা ডেইলি বজাৰৰ পৰা, বজাৰ চাফাই নামত বজাৰৰ প্ৰত্যেকখন দোকানৰ পৰা কৰ সংগ্ৰহ কৰে যদিও চাফাই নামত এটকাও খৰচ নকৰা অভিযোগ।

যাৰফলত বজাৰৰ নিৰ্মাণ কৰা নতুন বিল্ডিংত সৃষ্টি হৈছে এক কন্দৰ্য্যময় পৰিৱেশ। নবনিৰ্মিত উক্ত বিল্ডিং হৈ পৰিছে পেচাব-পাইখানা স্থলী তথা জাবৰ-জোথৰ স্থলী। লংকা মোনচিপালটি বৰ্ডে বজাৰ চাফাই নামত সংগ্ৰহ কৰা ধন অত্মসাৎৰ কৰি আহাৰ অভিযোগ।বজাৰৰ দোকানীয়ে লংকা মোনচিপালটি বৰ্ডক বজাৰ চাফাই বাবে বাৰমবাৰ অনুৰোধ কৰাৰ পিছতো কোনো বছৰ বছৰ ধৰি কোনো গুৰুত্ব নিদিয়াত আজি লংকা বজাৰৰ দোকানী সকল ক্ষোভিত হৈ পৰে। আৰু বজাৰৰ এনে কন্দৰ্য্যময় পৰিৱেশ দুৰ কৰি স্বচ্ছ আৰু নিকা কৰিবলৈ অনুৰোধ জনাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.