নলবাৰীৰ ঘগ্ৰাপাৰত ড্ৰাগছ বিৰোধী সপ্তাহ পালন

 12/23/2020 - 12:48

 

বাহাৰঘাটঃ ঘগ্ৰাপাৰ আৰক্ষী থানাৰ উদ্যোগত আৰু বনভাগ কনিষ্ঠ মহাবিদ্যালয়ৰ সহযোগত আজি ড্ৰাগছ বিৰোধী সপ্তাহৰ লগত সংগতি ৰাখি মঙলবাৰে এখন সজাগতা সভা অনুষ্ঠিত হয়। ঘগ্ৰাপাৰ অঞ্চলৰ একমাত্ৰ উচ্চশিক্ষাৰ শিক্ষানুষ্ঠান বনভাগ মহাবিদ্যালয়ৰ ডঃ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সভাখনৰ আঁত ধৰে প্ৰাক্তন ছাত্র নেতা তথা নলবাৰী উন্নতি সভাৰ সম্পাদক ৰাতুল চন্দ্ৰ ডেকা আৰু উদ্দেশ্য বাখ্যা কৰে আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীয়ে।

উক্ত সজাগতা সভাখনত উপস্থিত ছাত্ৰ ছাত্ৰী আৰু ৰাইজৰ মাজত বক্তব্য ৰাখি চি, আই (বেলশৰ)জিতেন্দ্ৰ সিং, বনভাগ মহাবিদ্যালয়ৰ অধ্যক্ষ যোগেন্দ্ৰ কলিতা, প্ৰৱক্তা প্ৰাণজিত বুজৰবৰুৱাই ড্ৰাগছৰ পৰা হোৱা ভয়াৱহতাৰ ওপৰত আলোকপাত কৰে। ভাষণ প্ৰসংগত চি আই জিতেন্দ্ৰ সিঙে কয় যে ড্ৰাগছ বাবে মানৱ সমাজ ধ্বংসৰ গৰাহঁত পৰে। ড্ৰাগছে যুৱ প্ৰজন্মক বিপথ গামী কৰি মৃত্যুৰ পথলৈ ঠেলি দিছে। গতিকে ড্ৰাগছৰ পৰা আঁতৰি সুন্দৰ জীৱন যাপন কৰিবলৈ ছাত্র-ছাত্ৰীক আহ্বান জনায়। যদি হে ছাত্র-ছাত্ৰীসকলে সজাগ নহয় এদিন মানৱ সমাজ নিছিন্ন হব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।