প্ৰায় ৩০ বছৰ ধৰি বিনাবেতনে শিক্ষকতা কৰা বাক্সাৰ খাৰিজা বিজনীৰ শিক্ষক তথা সমাজকৰ্মী আনিছুৰ ৰহমানৰ মৃত্যু, বিভিন্ন দল সংগঠনৰ শোক প্ৰকাশ

 12/23/2020 - 13:46

 

খাৰিজা বিজনীঃ প্ৰায় ৩০ বছৰ ধৰি বিনাবেতনে শিক্ষকতা কৰি অকালতে হেৰাই গ'ল বাক্সাৰ খাৰিজা বিজনীৰ শিক্ষক তথা সমাজকৰ্মী আনিছুৰ ৰহমান৷ উচ্চ ৰক্তচাপজনিত কাৰনত ৫৭ বছৰ বয়সত যোৱানিশা হঠাতে মৃত্যুক আকোৱালি লয় শিক্ষকগৰাকীয়ে৷ বাক্সাৰ খাৰিজা বিজনীৰ উত্তৰ বাৰাপেটা বালিকা প্ৰাথমিক বিদ্যালয়ত ১৯৯০ চনৰ পৰা সহকাৰী শিক্ষক হিচাপে সেৱা আগবঢ়াইছিল ৰহমানে৷ তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিছতে শোকাহত হৈ পৰে অজস্ৰ গুণমুগ্ধই৷

আজি পুৱা ১০.৩০ বজাত শিক্ষকগৰাকীৰ জানাজা সম্পন্ন কৰা হয়জানাজাত জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে উপস্থিত হয় সহস্ৰাধিক লোক বিভিন্ন সামাজিক কৰ্মৰ লগতে CPI(M) দলৰ এগৰাকী আদৰ্শৱান কৰ্মী হিচাপে জনাজাত আনিছুৰ ৰহমানৰ অকাল মৃত্যুত খাৰিজা বিজনীৰ বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰে৷ উল্লেখ্য যে এনেদৰে বিনাবেতনে শিক্ষকতা কৰি মৃত্যুমুখত পৰা আনিছুৰ ৰহমানৰ পৰিয়ালক উপযুক্ত সংস্থাপন দিয়াৰ লগতে অপ্ৰাদেশীকৃত বিদ্যালয় সমূহ প্ৰাদেশীকৃত কৰাৰ দাবী উত্থাপন কৰে বিভিন্ন দল সংগঠনে৷ মৃত্যুৰ সময়ত শিক্ষকগৰাকীয়ে পত্নী, এগৰাকী কণ্যা, এগৰাকী পুত্ৰৰ লগতে বহু আত্মীয়ক আৰু গুণমুগ্ধক এৰি থৈ যায়৷

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।