শিৱসাগৰত বৰদিন উপলক্ষে বীৰ লাচিত সেনাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই গীৰ্জাঘৰ চাফাই অভিযানত নামিল জাতি-ধৰ্ম নিৰ্বিশেষে শতাধিক তৰুণ-তৰুণী

 12/23/2020 - 16:20


শিৱসাগৰঃ সমাগত বৰদিন। চৌদিশে উচ্চাহ-উদ্দীপনা। গীৰ্জাই গীৰ্জাই বৰদিনৰ প্ৰস্তুতি। কেৰ'লৰ সুৰ। ইয়াৰ মাজতে এইবাৰ বজৰং দলৰ হুংকাৰ-হিন্দু ধৰ্মাৱলম্বীয়ে অংশ নল'ব বৰদিনত।

অংশ ল'লে ভয়ংকৰ পৰিণামৰো ভাবুকি বজৰং দলৰ ৰাষ্ট্ৰীয় আহ্বায়ক চৌহান সিং সোলাস্কিৰ। বজৰং দলৰ হুংকাৰৰ বিপৰীতে শিৱসাগৰত দেখা গ'ল ব্যতিক্ৰমী ছবি। বৰদিন উপলক্ষে বীৰ লাচিত সেনাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই গীৰ্জাঘৰ চাফাই অভিযানত নামিল জাতি-ধৰ্ম নিৰ্বিশেষে শতাধিক তৰুণ-তৰুণী।

সম্প্ৰীতিৰ মহামিলনৰ ভূমি খ্যাত শিৱসাগৰত পুনৰ সমন্বয়ৰ নিদৰ্শন এজাক তৰুণৰ। বৰদিন উপলক্ষে ১৮৪৫ খ্ৰীষ্টাব্দতে নিৰ্মিত তথা ১৭৫ বৰ্ষ গৰকা শিৱসাগৰ বৰপুখুৰীপাৰস্থিত উত্তৰ-পূৱৰ দ্বিতীয়টো পুৰণি গীৰ্জাত জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে এজাক তৰুণে কৰিলে শ্ৰমদান।

উল্লেখ্য যে ৰাজনীতিৰ গ্ৰাসত পৰি একাংশই ধৰ্মৰ নামত সমাজ বিভাজিত কৰাৰ কু-অভিসন্ধিত নমাৰ বিপৰীতে শিৱসাগৰত এইসকল তৰুণৰ এই কাৰ্যই কঢ়িয়াইছে আশাৰ বতৰা। নিশ্চিতকৈ এই পদক্ষেপে পুনৰ প্ৰমাণিত কৰিলে যে অসম তথা শিৱসাগৰত সাম্প্ৰদায়িক বিষবাষ্প বিয়পাব বিচৰা সকলৰ স্থান নাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।