অসম লোকসেৱা আয়োগৰ পৰীক্ষাত ৩৩ তম স্থান লাভ কৰিলে টীয়কৰ ৰন্টু বৰুৱাই

 12/25/2020 - 19:29

 


টীয়কঃ অসম লোকসেৱা আয়োগৰ (ৰাজহ বিভাগত) ৩৩ নং স্থান দখলেৰে টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে জগদুৱাৰ নপমুৱা গাঁৱৰ যুৱক ৰন্টু বৰুৱাই। উল্লেখ্য যে ৰন্টু বৰুৱা যোৰহাট মালৌ আলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ বিষয় শিক্ষক হিচাপে কৰ্মৰত।

তাৎপৰ্যপূৰ্ণ এই যে অসম লোক সেৱা আয়োগে অনুষ্ঠিত কৰা প্ৰবক্তাৰ পৰীক্ষাতো উত্তীৰ্ণ হৈছিল বৰুৱা। উক্ত খবৰ বিয়পাৰ লগে লগে আজি পুৱাই টীয়ক প্ৰেছ ক্লাব, আছু, যুৱ ছাত্ৰ, চুতীয়া ছাত্র সন্থাৰ প্ৰতিনিধি, ব্যৱসায়িক প্ৰতিষ্ঠান কাঞ্চনৰ লগতে বিভিন্নজন ৰন্টুবৰুৱাৰ ঘৰত উপস্থিত হৈ অভিনন্দন জ্ঞাপন কৰে। ৰন্টু বৰুৱাই এই কৃতিত্বৰ বাবে পৰিয়াল তথা প্ৰতিজন শুভাকাংক্ষীৰ কৃতজ্ঞতা প্ৰকাশ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।