ব্যতিক্ৰমী ভেলাঘৰ নিৰ্মাণেৰে চমক সৃষ্টি কৰি অহা ৰহাৰ আমনিশালীৰ ভগৱান সেনাপতিয়ে এইবাৰো আৰম্ভ কৰিছে ভেলাঘৰ নিৰ্মাণৰ কাম

 01/03/2021 - 13:42

 

ৰহাঃ পদুলি মুখত হেঁপাহৰ ভোগালী বিহু৷ প্ৰতি বছৰে মধ্য অসমৰ ৰহাৰ আমনিশালীত ব্যতিক্ৰমী ৰূপত ভেলাঘৰ নিৰ্মাণ কৰি চমক সৃষ্টি কৰে এজন থলুৱা শিল্পীয়ে৷ বিগত সময়ত বিভিন্ন পুৰস্কাৰ আৰু প্ৰশংসা বুটলিবলৈ সক্ষম হোৱা শিল্পী ভগৱান সেনাপতিয়ে এইবাৰো আৰম্ভ কৰিছে ভেলাঘৰ নিৰ্মাণৰ কাম। বিগত বছৰ বোৰত প্ৰকৃতি সুৰক্ষা, গঁড় সুৰক্ষা, শান্তি ৰক্ষা আদি বিভিন্ন আৰ্হি তথা বাৰ্তাৰে ভেলাঘৰ নিৰ্মাণ কৰা ভগৱান সেনাপতিৰ এইবাৰৰ বিষয়বস্তু হ'ল মহামাৰী ক'ৰনা।

এইবাৰ ভেলাঘৰৰ প্ৰতীকি ৰূপত থাকিব ক'ৰনাৰ বিভীষিকা আৰু ইয়াৰ প্ৰট'কল। ইতিমধ্যে এই অভিনৱ ভেলাঘৰ নিৰ্মাণৰ কাম ৭০ শতাংশ সমাপ্ত কৰিছে শিল্পীজনে। কেৱল নৰা আৰু বাঁহেৰে নিৰ্মাণ কৰি থকা এই ভেলাঘৰটো সম্পূৰ্ণ কৰোতে খৰচ হ'ব প্ৰায় ৭০ হাজাৰ টকা। মহামাৰী ক'ৰনা আৰু লকডাউনে আৰ্থিকভাৱে জুৰুলা কৰা থলুৱা শিল্পীজনে ঘৰৰ পুহনীয়া হাঁহ, কুকুৰা বিক্ৰী কৰি নিৰ্মাণ কাৰ্য চলাই আছে ভেলাঘৰটিৰ। বিগত বছৰবোৰৰ দৰে এইবাৰো নিশ্চয় ভগৱান সেনাপতিৰ হাতৰ পৰশত প্ৰাম পাই উঠা এই ব্যতিক্ৰমী ভেলাঘৰে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হব।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।