ৰাজস্থানৰ এডিজিপি পদত অসম সন্তান সঞ্জীৱ নাৰ্জাৰী, গোসাঁইগাঁৱত আনন্দৰ জোৱাৰ

 01/03/2021 - 14:34

 

গোসাঁইগাঁওঃ কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমা সদৰ চহৰৰ নিকটৱৰ্তী তথা এটি সাধাৰণ শ্ৰেণীৰ পৰিয়ালৰ সন্তান সঞ্জীৱ নাৰ্জাৰী ৰাজস্থানৰ কেডাৰ।  এক জানুৱাৰীত ৰাজস্থানত এ ডি জি পি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত আজি গোসাঁইগাঁৱৰ লগতে পৰিয়ালৰ মাজত এক আনন্দ বিৰাজ কৰিছে।
গোসাঁইগাঁও সদৰ চহৰৰ নিকটৱৰ্তী ভাওলাগুৰিৰ বাসিন্দা তথা সাধাৰণ এম ই স্কুলৰ শিক্ষক কানাইলাল নাজাৰী আৰু দাওলেট নাজাৰীৰ কনিষ্ঠ পুত্ৰ আছিল সঞ্জীৱ নাৰ্জাৰী। সঞ্জীৱ নাৰ্জাৰী গাঁৱৰ এল পি স্কুলত প্ৰাথমিক শিক্ষা গ্ৰহণৰ পিছত গোসাঁইগাঁও লৰা হাই স্কুলত নাম ভৰ্তি কৰে। তাতে মেট্ৰিক প্ৰথম শ্ৰেণীত উৰ্ত্তীণ হোৱাৰ পিছত কটন কলেজত নাম ভৰ্তি কৰে।

কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লোৱাৰ পিছত দিল্লীত এম এছ ডব্লিউত মাষ্টাৰ ডিগ্ৰী কৰে। শিক্ষা সাং কৰাৰ পিছত তেওঁ ৰাজস্থান কেডাৰত যোগদান কৰে। ৰাজস্থান কেডাৰৰ ১৯৯৬ চনৰ কেডাৰ আছিল। এক জানুৱাৰীত নতুন কৈ ৰাজস্থানৰ এ ডি জি পি হিচাপে দায়িত্ব গ্ৰহণ কৰে। উক্ত খবৰে গোসাঁইগাঁও মহকুমা সদৰ চহৰত আনন্দ বিৰাজ কৰিছে। উল্লেখ যে, সঞ্জীৱ নাৰ্জাৰী প্ৰাথমিক স্তৰৰ পৰাই বড়ো মাধ্যমত অধ্যয়ন কৰা ছাত্ৰ আছিল। সঞ্জীৱ নাৰ্জাৰী ৰাজস্থানৰ আৰক্ষীৰ এ ডিজিপি পদ গ্ৰহণ কৰি অসমৰ লগতে বড়ো সমাজ লৈ এক গৌৰৱ কঢ়িয়াই আনিছে।

 

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।