ৰূপহীহাটৰ লাওখোৱা শিক্ষাখণ্ডৰ এখন জৰাজীৰ্ণ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীৰ মইমতালিত অতিষ্ঠ অভিভাৱক তথা স্থানীয় ৰাইজ

 01/07/2021 - 15:10
 
 
জুৰীয়াঃ যি সময়ত ৰাজ্যৰ শিক্ষামন্ত্ৰীয়ে শিক্ষা বিভাগৰ ব্যাপক উন্নতিৰ কথা ঢাক-ঢোল বজাই ৰাইজৰ আগত প্ৰচাৰ কৰি আহিছে ঠিক সেই সময়তে ৰূপহীহাটৰ লাওখোৱা শিক্ষাখণ্ডৰ এখন প্ৰাথমিক বিদ্যালয়ৰ জৰাজীৰ্ণ অৱস্থাই শিক্ষা বিভাগৰ প্ৰকৃত স্বৰূপকে উদঙাইছে। ৰূপহীহাটৰ পূৱ ফুটালজাৰ লেতেৰিপাৰ প্ৰাথমিক বিদ্যালয়খন ২০০১ চনতে প্ৰাদেশীকৃত হৈছিল। বিদ্যালয়খনত প্ৰধান শিক্ষয়িত্ৰী গৰাকী প্ৰায়ে বিদ্যালয়ত উপস্থিত নথকাৰ অভিযোগ স্থানীয় ৰাইজৰ। বিদ্যালয়খনৰ আন্ত গাঁথনিৰ কথাতো বাদেই ছাত্ৰ-ছাত্ৰীক নিয়মিতভাবে যোগান নধৰে মধ্যাহ্ন ভোজন। একমাত্ৰ প্ৰধান শিক্ষয়িত্ৰীয়ে নিজা মইমতালিত চলিছে বিদ্যালয়খন। প্ৰধান শিক্ষয়িত্ৰীৰ চত্ৰছায়াত বিদ্যালয়খনত আন্ত গাঁথনি, মধ্যাহ্ন ভোজন আদিত চলিছে দুৰ্নীতি। যাৰবাবে এতিয়া অতিষ্ঠ হৈ পৰিছে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক তথা স্থানীয় ৰাইজ।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।