বাক্সাৰ খাৰিজা বিজনীত ভয়ংকৰ পথ দুৰ্ঘটনা

 01/11/2021 - 20:12
 
 
 
খাৰিজা বিজনীঃ বাক্সাৰ খাৰিজা বিজনীত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী মাৰুতী বাহনে খুন্দিয়ালে পথৰ দাঁতিত থকা প্ৰকাণ্ড গছত। বৰপেটাৰোডৰ পৰা বাৰাপেটা অভিমুখে গৈ আছিল বাহনখন। বাৰাপেটা মিলন বজাৰৰ সমীপত নিয়ন্ত্ৰন হেৰুৱাই গছত খুণ্ডা মাৰে AS-19 K-9454 নম্বৰৰ বাহনখনে। গুৰুতৰভাৱে আহত হয় বাহনখনত থকা চাৰিগৰাকী যুৱক। দুৰ্ঘটনাগ্ৰস্থ যুৱক কেইগৰাকীৰ এগৰাকীক বগৰীগুৰী পথাৰৰ আছান আলী বুলি চিনাক্ত কৰিছে স্থানীয়লোকে। চালকে মদ্যপান কৰি দুৰ্ঘটনা সংঘটিত কৰাৰ অভিযোগ স্থানীয়লোকৰ। উল্লেখ্য যে গুৰুতৰভাৱে আহত যুৱক কেইগৰাকীক বৰপেটাৰোড চৰকাৰী চিকিৎসাললৈ প্ৰেৰণ কৰিছে স্থানীয় ৰাইজে। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।