তালাপত মৃত গৰু ভক্ষণ কৰি ৩০ টাৰো অধিক শগুনৰ মৃত্যুঃ যুৱ সংঘ আৰু স্থানীয় ৰাইজৰ প্ৰতিক্ৰিয়া

 01/19/2021 - 17:36
 
 
কাকপথাৰঃ তিনিচুকীয়া জিলাৰ তালাপ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত ধূলিজান-বৰগড়া খেতি পথাৰত মৃত গৰু ভক্ষণ কৰি ৩০ টাৰো অধিক প্ৰকৃতিৰ চৰ্দাৰ হিচাপে পৰিচিত বিলুপ্ত প্ৰায় শগুনৰ মৃত্যু হয়। শগুনৰ সংখ্যা উদ্বেগজনকভাৱে হ্ৰাস পাই অহাৰ সময়তে ৩০ টাৰো অধিক শগুনৰ অকাল মৃত্যু এক চিন্তনীয় বিষয় হৈ পৰিছে। তালাপ আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰদীপ শইকীয়ালৈ  খবৰ কৰাৰ পাছত বন বিষয়াগৰাকীয়ে তিনিচুকীয়া গুইজানৰ মবাইল ভেটেনেৰী চাৰ্ভিচ ইনষ্টাৰনেচন বিভাগৰ চিকিৎসকক খবৰ কৰি ঘটনাস্থলীত উপস্থিত হয়। পথাৰত মৰি থকা গৰু ভক্ষণ কৰিয়েই শগুন কেইটাৰ মৃত্যু হৈছে বুলি সন্দেহ কৰা হৈছে। মৃত গৰুটোৰ গাত হয়তো কোনো দুষ্ট চক্ৰই বিহ ঢালি, নাইবা সাম্প্ৰতিক সময়ত গৰু বিলাকৰ ক্ষেত্ৰত দেখা দিয়া বিভিন্ন ৰোগৰ পৰা ৰক্ষা পাবলৈ ব্যৱহাৰ কৰা ঔষধ প্ৰয়োগ কৰা গৰু ভক্ষণৰ বাবেও শগুনৰ মৃত্যু হোৱা বুলি চিকিৎসক ড০ চাংমাইয়ে জানিবলৈ দিয়ে। শগুনৰ এনেধৰণৰ অস্বাভাৱিক মৃত্যুত যুৱ সংঘই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দুখী ব্যক্তিক চিনাক্ত কৰি উচিত শাস্তি দিবলৈ দাবী জনাইছে। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।