চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ক’ভিড ভেকচিন প্ৰদান প্ৰক্ৰিয়াৰ আৰম্ভঃ প্ৰায় এশ গৰাকী স্বাস্থ্যকৰ্মী, চিকিৎসকক প্ৰদান কৰা হ'ব এই ভেকচিন

 01/21/2021 - 13:16
 
 
 
 
 
পূব বৰপেটাঃ বৰপেটা জিলাৰ চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত আজিৰ পৰা আৰম্ভ হৈছে ক’ভিড ভেকচিন প্ৰদান কাৰ্যসূচী। স্বাস্থ্যকেন্দ্ৰটোৰ অধীনস্থ চিকিৎসক, স্বাস্থ্য বিষয়া, স্বাস্থ্য কৰ্মীসকলক প্ৰদান কৰা হৈছে এই ভেকচিন। আজি প্ৰায় এশ গৰাকী স্বাস্থ্যকৰ্মী, চিকিৎসকক প্ৰদান কৰা হ'ব এই ভেকচিন।
 
চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া তথা মহকুমা স্বাস্থ্য বিষয়া ডাঃ নুৰুল ইছলামক প্ৰথমতে প্ৰদান কৰা হয় কভিড ভেকচিন। বৰ্তমানলৈ সুকলমে চলি আছে ভেকচিন প্ৰদান কাৰ্যসূচী। ভেকচিন লোৱা প্ৰতিগৰাকী ব্যক্তি বৰ্তমান সুস্থ হৈ থকা বুলি জানিব পৰা গৈছে। এতিয়ালৈকে কোনো পাৰ্শ্বক্ৰিয়া পৰিলক্ষিত হোৱা। 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।