নগাঁৱত কংগ্ৰেছৰ চাইকেল ৰেলি

 01/22/2021 - 18:57
 
নগাঁওঃ কৃষক আইন বাতিল আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত নগাঁও চহৰত কংগ্ৰেছে উলিয়াই এই চাইকেল ৰেলি৷ নগাঁও পৌৰ আৰু খাগৰিজান ব্লক কংগ্ৰেছৰ উদ্যোগত উলিওৱা প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন আৰু প্ৰাক্তন বিধায়ক ডাঃ দূৰ্লভ চমুৱাই৷ নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয়ৰ পৰা উলিওৱা চাইকেল ৰেলিত অংশগ্ৰহণ কৰা কংগ্ৰেছীয়ে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি পৰিৱেশ উত্তাল তোলে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।