অসম-নাগালেণ্ড সীমান্তৰ বোকাজান লাহৰিজানত অবৈধভাবে ভূমি দখলক লৈ তীব্র উত্তেজনা

 01/27/2021 - 20:45
 
 
বোকাজানঃ অসম নাগালেণ্ড সীমান্তৰ বোকাজান লাহৰিজানত অবৈধ ভূমি দখলক লৈ তীব্র উত্তেজনা। লাহৰিজান বাগানৰ মাজত চেলিমউদ্দীন চৌধুৰীয়ে অবৈধ ভাৱে ভূমি দখল কৰি নিৰ্মাণ কৰিছিল বহু পৰিমাণে ঘৰ। বাগানৰ ভিতৰত সোমাই চাহ গছ কাটি নিৰ্মাণ কৰিছিল ঘৰসমূহ। যাক লৈ ক্ষোদ্ধ হৈ পৰে চাহ বাগানৰ লোকসকল। ইয়াৰ পিছতে হাতত দা আৰু লাঠী লৈ বাগানখনৰ লোকসকলে নিজেই উচ্ছেদ কৰে অবৈধ ঘৰ সমূহ। ইয়াৰ পিছতে পৰিস্থিতি অধিক জটিল হৈ পৰে। উল্লেখযোগ্য যে লাহৰিজান বাগানত মাটি মাফিয়া চেলিমউদ্দীন চৌধুৰী আৰু কায়ুম তালুকদাৰে দালালিয়ে চলাই আহিছে ভূমি দখল প্ৰক্ৰিয়া। বাগানৰ মাটি অবৈধভাৱে দখল কৰি সন্দেহ যুক্ত নাগৰিকক দিয়া হৈছিল ঘৰ নিৰ্মাণ কৰিবলৈ। বাগানৰ মাটিত ঘৰ নিৰ্মাণ কৰি বহু অনৈতিক কাৰ্যকলাপ কৰাৰো অভিযোগ তুলিছে স্থানীয় ৰাইজে। অন্যহাতে বোকাজান মহকুমা আৰক্ষী প্ৰশাসনে বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে বাগানৰ কৰ্মচাৰীয়ে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।