বৰলীয়া নৈৰ বাওঁ মথাউৰিৰ মেৰামতিৰ শুভাৰম্ভণি

 01/28/2021 - 19:02
 
 
বাহাৰঘাটঃ অসম চৰকাৰৰ জলসম্পদ বিভাগৰ নলবাৰী সংমণ্ডলৰ অধীনস্থ চমুখাৰ পৰা আঢ়ৈ কিঃমিঃ জৰাজীৰ্ণ মথাউৰিৰ পুনৰ নিৰ্মাণ কাৰ্য্যৰ আজি আবেলি শুভাৰম্ভণি কৰে৷ উল্লেখযোগ্য যে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাৰ উপস্থিতিত মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই আজি উক্ত কাৰ্য্যৰ শুভাৰম্ভণি কৰাৰ কথা আছিল যদিও বিশেষ অসুবিধা হেতুত তেওঁলোক উপস্থিত থাকিব নোৱাৰাত তেওঁলোকৰ হৈ ১১ দেহাৰকুছি গাঁও পঞ্চায়তৰ সভাপতি যোগেশ্বৰ শৰ্মাই আনুষ্ঠানিক ভাবে শুভাৰম্ভ কৰে৷ তদুপলক্ষে লহকৰপাৰা বৰদৌল প্ৰাংগনত নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি তথা বিশিষ্ট নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত জলসম্পদ বিভাগৰ অধীক্ষক অভিযন্তা মুকুট ডেকা, নলবাৰী সংমণ্ডলৰ কাৰ্য্যবাহী অভিযন্তা প্ৰতুল পাটোৱাৰী, সহঃকাৰ্য্যবাহী অভিযন্তা প্ৰনৱ চেতীয়াই মথাউৰি মেৰামতিৰ আঁচনি আৰু আৱণ্টিত ধনৰ বিষয়ে ৰাইজক বিবৰি কয়৷
 
এছ ডি আৰ এফৰ দ্বাৰা নিৰ্ধাৰিত এক কোটি পঞ্চাশ লাখ টকাৰ আবণ্টিত ধনৰ বৰ্তমানে মুকলি হোৱা এক কোটি বিশ লাখ টকাৰে আজিৰ উক্ত কামৰ শুভাৰম্ভ কৰে৷ সভাত ৰাইজৰ হৈ লহকৰপাৰা গাঁও উন্নয়ন সমিতিৰ সভাপতি প্ৰমোদ লহকৰে কয় যে মথাউৰিটো মেৰামতিৰ ফলত লহকৰপাৰা গাঁৱে নহয় সমগ্ৰ পশ্চিম বড়িগোগ মৌজাৰ ৰাইজ বাৰিষা বানৰ সন্ত্ৰাসৰ পৰা মুক্ত হল৷ তেওঁ মঠাউৰি মেৰামতি ক্ষেত্ৰত প্ৰাককলন অনুযায়ী কাম কৰাৰ বাবে দায়িত্ব প্ৰাপ্ত ঠিকাদাৰক আহ্বান জনাই৷সভাত দণ্ডীৰাম লহকৰেও বক্তব্য দিয়ে৷আনহাতে দেহাৰকুছি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য ফনীনাথ লহকৰ, সমাজকৰ্মী দীনেশ দত্ত লহকৰ আৰু জলসম্পদ বিভাগৰ বিষয়া কৰ্মচাৰীৰ লগতে শতাধিক ৰাইজে সহযোগ কৰে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।