তামাৰহাটত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ সংবাদ মেল

 02/03/2021 - 14:03
 
 
গোসাঁইগাঁওঃ অসমত বসবাস কৰা হিন্দু বঙালীসকল আজিও সুৰক্ষিত নহয়। এন আৰ চি, ডি ভোটাৰৰ সমস্যাত ককবকাইছে। আজি হিন্দু বাঙালী লোকক ডিটেনচন কেম্পত নিয়া হৈছে এই অভিযোগ সদৌ অসম ধুবুৰী জিলা বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ। তামাৰহাটৰ মিলন সংঘত আজি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ এখন সংবাদ মেল অনুষ্ঠিত হয়। সংবাদ মেলত ধুবুৰী জিলাৰ সভাপতি বাবলু চৰকাৰ উপস্থিত থকাৰ উপৰিও অন্যান্য আঞ্চলিক সমিতিৰ নেতৃত্বতসকল উপস্থিত থাকে।
 
সংবাদ মেলত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ নেতৃত্বতই বিজেপি নেতৃত্বাধীন শাসক দলৰ কাম-কাজক তীব্ৰ সমালোচনা কৰি কয় যে, অসমত বসবাস কৰা হিন্দু বাঙালী সকলৰ জ্বলন্ত সমস্যাসমূহ অহা বিধান সভা নিৰ্বাচনৰ পূৰ্বে সমাধান কৰিব লাগে। বিগত সময়চোৱাত কংগ্ৰেছ দলে হিন্দু বাঙালীসকলৰ সমস্যাৰ ওপৰত গুৰুত্ব দিয়া নাছিল আৰু বৰ্তমান বিজেপি চৰকাৰেও একেটা  পথত গতি কৰিছে। হিন্দু বাঙালীক সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে বিজেপি চৰকাৰখনে।
 
যাৰ ফলত বিগত ২০১৯ চনৰ ২১ ছেপ্টেম্বৰত তামাৰহাটৰ ক্ষুদ্ৰ ব্যৱসায়ী তথা যুৱক প্ৰদীপ শীলক অপহৰণ কৰাৰ আজি ডেৰ বছৰ অতিবাহিত হোৱাৰ পিছতো কোনো সন্ধান উলিয়াব পৰা নাই। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ লগতে প্ৰশাসন বিভাগ একেবাৰে নিমাত। ইয়াৰ উপৰিও মাঘ বিহুৰ আগদিনা ধুবুৰী জিলাৰ চাপটগ্ৰামৰ নিবাসী অনুপম দেক দুৰ্বৃত্তই হানি খুচি হত্যা কৰে। উক্ত হত্যাকাণ্ডৰ আজি প্ৰায় ডেৰ মাহ পিছতো গ্ৰেপ্তাৰ কৰিব পৰা হত্যাকাৰীক।
 
তেনেকৈ এটাৰ পিছত এটা কৈ হিন্দু বাঙালীৰ ওপৰত অত্যাচাৰ, হত্যা চলাই গৈছে। উক্ত পৰিয়াল দুটাক এককালীন ২০ লাখ টকা আৰ্থিক সাহায্য আৰু এটাকৈ চৰকাৰী চাকৰি দিয়াৰ দাবী জনায় চৰকাৰকক। সংবাদ মেলত আকৌ কয় যে, কমতাপুৰ স্বায়ত্ব পৰিষদত হিন্দু বাঙালীৰ কমেও পাঁচজন সদস্য নিৰ্বাচিত কৰাৰ লগতে ৰাজ্যপালৰ দ্বাৰা অনুমোদিত ২ জন সদস্য নিৰ্বাচিত কৰিব লাগে। একেদৰে অনুসূচীত জাতিৰ উন্নয়নৰ স্বাৰ্থত কমেও এজন সদস্য স্বায়ত্ব পৰিষদত মনোনিত কৰাৰ দাবী উত্থাপন কৰে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনে।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।