জামুগুৰিহাটৰ ইটাখোলা ক্ৰিকেট ক্লাৱৰ উদ্যোগত দিবা নৈশ ক্ৰিকেট টোৰণামেন্টৰ শুভ উদ্বোধন

 02/08/2021 - 12:58
 
 
জামুগুৰিহাটঃ জামুগুৰিহাটৰ ইটাখোলাস্থিত দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত দেওবাৰে সন্ধ্যা ৬ বজাত প্ৰয়াত অপূৰ্ব শইকীয়াৰ স্মৃতিত ইটাখোলা ক্ৰিকেট ক্লাৱৰ উদ্যোগত দিবা নৈশ ক্ৰিকেট টোৰণামেন্টৰ শুভ উদ্বোধন কৰে অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী, চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষী কান্ত বৰাই। উক্ত অনুষ্ঠানত প্ৰয়াত অপূৰ্ব শইকীয়াৰ শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰে ইটাখোলা শাখা সাহিত্য সভাৰ সভাপতি গাজিলাল তাছাই।  উদ্বোধনী ক্ৰিকেট খেলখনত প্ৰতিদ্বন্দিতা কৰে ইটাখোলা-এ আৰু ইটাখোলা-বি দলে। দিবা-নৈশ ক্ৰিকেট খেলখনৰ ফাইনেলৰ দিনা চেম্পিয়ন টিমৰ পুৰস্কাৰ হিচাপে ৩৫ হাজাৰ টকা ও ট্ৰফি, ৰাণাৰচআপ টিমৰ পুৰস্কাৰ হিচাপে ২০ হাজাৰ টকা ও ট্ৰফিৰ লগতে মেন অফ ডা মেচ, মেন অফ ডা চিৰিজ, বেষ্ট ফিলডাৰ, বেষ্ট বলাৰ, বেষ্ট উইকেত কিপাৰৰ লগতে হায়েষ্ট ছিক্সচৰ বঁটা প্ৰদান কৰিব অহা ৯ ফেব্ৰুৱাৰী বুধবাৰে। ১৫ বছৰ অতিক্ৰম কৰা এই বিশেষ ক্ৰিকেট খেলখনৰ সভাপতি মহেশ সাহৰ লগতে উদ্যোক্তাসকলে দৰ্শকৰ বিপুল সহাঁৰিৰ আন্তৰিকতাৰে কামনা কৰিছে৷ 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।