ৰাজনৈতিক হৰ্ডিঙত সেনাৰ ছবি কিয়? কঠোৰ নিৰ্বাচন আয়োগ

 03/10/2019 - 11:22

ডিজিটেল ডেস্কঃ সমাগত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানত সেনাবাহিনীৰ নাম উচ্চাৰণ নকৰিবলৈ ৰাজনৈতিক দলসমূহক সকীয়াই দিছে নিৰ্বাচন আয়োগে। শনিবাৰে এক নিৰ্দেশনাযোগে কেন্দ্ৰীয় নিৰ্বাচন আয়োগে কয় যে আধুনিক গণতন্ত্ৰত সেনাবাহিনী হৈছে অৰাজনৈতিক আৰু নিৰপেক্ষ।

আয়োগে নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত সেনাৰ ছবি ব্যৱহাৰ নকৰিবলৈকো দলসমূহক আহ্বান জনাইছে। উইং কমাণ্ডাৰ অভিনন্দন বৰ্ধমান পাকিস্তানৰ পৰা দেশলৈ উভতি অহাৰ পিছতে তেওঁৰ ছবিৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ ছবি ব্যৱহাৰ কৰি আঁৰি দিয়া হৰ্ডিঙৰ ছবি পোহৰলৈ অহাৰ পিছতে এই নিৰ্দেশ প্ৰদান কৰে আয়োগে।

এই সন্দৰ্ভত আয়োগে ২০১৩ চনৰ ডিচেম্বৰ মাহত জাৰি কৰা এক নিৰ্দেশনাৰ কথাও ৰাজনৈতিক দলসমূহক সোঁৱৰাই দিয়ে। উক্ত নিৰ্দেশনাত সেনাবাহিনীক লৈ নিৰ্বাচনী প্ৰচাৰ নচলাবলৈ স্পষ্টকৈ কোৱা হৈছিল।

শেহতীয়া নিৰ্দেশনাটোতো একেদৰে ৰাজনৈতিক দলৰ শীৰ্ষ মহলক প্ৰতিজন নেতা তথা কৰ্মীক সেনা বাহিনীৰ ছবি নিৰ্বাচনী প্ৰচাৰ তথা আন ৰাজনৈতিক কাম-কাজত ব্যৱহাৰ কৰাতো উচিত নহয় বুলি জনাবলৈ আহ্বান জনাইছে। অন্যাথাই তেনে দল তথা ৰাজনৈতিক নেতা আৰু নিৰ্বাচনী প্ৰাৰ্থীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও জনাইছে।

উল্লেখ্য যে পাকিস্তানৰ বালাকোটত বায়ু সেনাই আক্ৰমণ চলোৱাৰ পিছতে অভিনন্দন বৰ্ধমানৰ লগতে আনধৰণৰ সেনাৰ ছবি ব্যৱহাৰ কৰি বিজেপিকে ধৰি শাসকীয় পক্ষৰ কেবাটাও সহযোগী দলে দেশৰ ভিন্ন প্ৰান্তত হৰ্ডিং আঁৰি দিয়াৰ কথা পোহৰলৈ আহিছিল।

ইয়াৰ পিছতে বিষয়টোক লৈ ছ’চিয়েল মিডিয়াত তীব্ৰ বিতৰ্কই দেখা দিয়ে। বিৰোধী পক্ষয়ো ইয়াকে লৈ অধিক আক্ৰমণাত্মক হৈ পৰে। অৱশেষত এই সন্দৰ্ভত নিৰ্বাচনী আয়োগে মাত মতাত সন্তুষ্টি ব্যক্ত কৰিছে ভিন্নমহলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।