আমছুৰ নগাঁও জিলা সমিতিৰ উদ্যোগত বাটমাৰীত অনুষ্টুপীয়াকৈ পালন কৰিলে ৪১ তম কেন্দ্ৰীয় শ্বহীদ দিৱস

 05/26/2021 - 16:03

 


বটদ্ৰৱাঃ সদৌ অসম সংখ্যালঘূ ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ আজি ৪১ তম কেন্দ্ৰীয় শ্বহীদ দিৱস। প্ৰতি বছৰেই ২৬ মে তাৰিখে আমছুৱে শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে। কিন্তু বৰ্তমান সময়ত ক’ভিড সন্দৰ্ভত ৰাজ্য চৰকাৰে জাৰি কৰা নিৰ্দেশনা মানি অনুষ্টুপীয়াকৈ আমছুৱে শ্বহীদ দিৱস পালন কৰিলে। সেই মৰ্মে আজি আমছুৰ নগাঁও জিলা সমিতিৰ উদ্যোগত বাটমাৰীত অনুষ্টুপীয়াকৈ জাতিৰ হকে প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদসকলৰ আত্মাৰ সদগতি কামনা কৰি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।

 

 

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।